নিজ দলৰ সাংসদকে গ’বেক ধ্বনি দিলে বিজেপি কৰ্মীয়ে

author img

By

Published : Sep 10, 2021, 10:00 PM IST

bjp-workers-protest-against-bjp-mp

সাংসদ কৃপানাথ মাল্লাহৰ বিৰুদ্ধে এইবাৰ বিৰোধী নহয়, স্বদলীয় একাংশ কৰ্মী নামিছে প্ৰতিবাদত । কিয় হ’ল এই প্ৰতিবাদ জানো আহক ৷

কৰিমগঞ্জ, 10 ছেপ্টেম্বৰ : খোদ নিজ দলৰ সাংসদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদত লিপ্ত হ’ল বিজেপি কৰ্মী । কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহৰ বিৰুদ্ধে এইবাৰ বিৰোধী নহয়, স্বদলীয় একাংশ কৰ্মী নামিছে প্ৰতিবাদত । পাথাৰকান্দি সমষ্টিৰ একাংশ বিজেপি কৰ্মীয়ে উত্তাল প্ৰতিবাদ কৰিলে সমষ্টিৰ সোনাখিৰা এলেকাত । কৃপানাথ মাল্লাহ হায় হায়, কৃপানাথ মাল্লাহ গ’ বেক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিলে দলীয় কৰ্মী সকলে ৷

কৃপানাথ মাল্লাহক কোনো পধ্যে চাহ জনগোষ্ঠীৰ নেতা হিচাপে মানি লোৱা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে নিজৰে দলৰ একাংশ কৰ্মীয়ে । বিজেপি কৰ্মী সকলে নিজৰ দলীয় সাংসদৰ বিৰুদ্ধে ইমানতে ক্ষান্ত নাথাকি পাথাৰকান্দি সমষ্টিত দলীয় সাংসদক প্ৰবেশ কৰিব দিয়া নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে । শুনি আচৰিত লাগিলেও এয়াই সত্য ।

বিৰোধীৰ দৰেই এতিয়া দলীয় সাংসদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দলীয় কৰ্মীৰ এটা অংশ । এনেদৰেই পাথাৰকান্দি সমষ্টিৰ সোনাখিৰা বিজেপি কাৰ্যালয় উত্তপ্ত কৰি তোলে বিজেপি দলৰ একাংশই ৷ পাথাৰকান্দি সমষ্টিৰ বিজেপি কৰ্মী তথা একাংশ দলীয় পদাধিকাৰীয়ে কৃপানাথ মাল্লাহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে, বিগত লোকসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ ভোটাৰে কৃপানাথ মাল্লাহক আশী হেজাৰ ভোট প্ৰদান কৰিছিল ৷

কিন্তু, সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পাথাৰকান্দি সমষ্টিৰ ৰাইজৰ খবৰ লোৱাৰ সময় নাই দলীয় সাংসদৰ । আনকি সম্প্ৰতি কৰিমগঞ্জ জিলা পৰিষদৰ চেয়াৰমেন আশিষ নাথৰ বিৰুদ্ধে যেতিয়া অনাস্থা প্ৰস্তাব অনা হৈছিল তেতিয়া, দলীয় কৰ্মী মহলৰ বিপৰীতে গৈ সাংসদ গৰাকীয়ে দলীয় কৰ্মীৰ সৈতে বিশ্বাসঘাতকতা কৰিছে ।

সাংসদ পুজিৰ কোনো কাম পাথাৰকান্দি সমষ্টিত কৰা নাই কৃপানাথ মাল্লাহে । কৃপানাথৰ বিৰুদ্ধে বিস্ফোৰক আন এক অভিযোগ উত্থাপন হৈছে যে, তেওঁ কেৱল ৰাজনীতিৰ স্বাৰ্থত চাহ জনগোষ্ঠীয় লোকক ব্যৱহাৰ কৰি আহিছে । ইতিমধ্যে সাংসদ হিচাপে 18 কোটি টকা অনুমোদন লাভ কৰাৰ পিছতো পাথাৰকান্দি সমষ্টিৰ বাবে কোনো প্ৰকল্প নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে দলীয় কৰ্মী সকলে ।

লগতে পঢ়ক : অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.