কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশীষ নাথৰ পদত্যাগ

author img

By

Published : Sep 19, 2021, 12:42 PM IST

Updated : Sep 19, 2021, 1:42 PM IST

ashish-nath-resigned-from-karimganj-zilla-parishads-president

কৰিমগঞ্জ জিলা পৰিষদ(Zilla Parishad)ৰ সভাপতি আশীষ নাথৰ পদত্যাগ ৷ সভাপতিগৰাকীৰ কামত অসন্তুষ্ট হৈ তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল 9 গৰাকী কংগ্ৰেছী সদস্যই ৷

কৰিমগঞ্জ, 19 ছেপ্তেম্বৰ : কৰিমগঞ্জ জিলা পৰিষদ(Zilla Parishad)ৰ সভাপতি পদৰ পৰা পদত্যাগ আশীষ নাথৰ ৷ কিয়নো সভাপতিগৰাকীৰ বিৰুদ্ধে জিলা পৰিষদৰ 9 গৰাকীকৈ কংগ্ৰেছী সদস্যই আনিছিল অনাস্থা প্ৰস্তাৱ ৷ সেইমৰ্মে অনাস্থা ভোটৰ আহ্বান কৰে কৰিমগঞ্জ জিলা উপায়ুক্তই(DC) ৷

ashish-nath-resigned-from-karimganj-zilla-parishads-president
কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশীষ নাথৰ পদত্যাগ

শনিবাৰে জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যক লগতে লৈ পদত্যাগ পত্ৰ দাখিল কৰে আশীষ নাথে । সভাপতি নাথৰ কামত অসন্তুষ্ট হয় পৰিষদৰ কংগ্ৰেছ-বিজেপিৰ সদস্যসকল ।

ashish-nath-resigned-from-karimganj-zilla-parishads-president
কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশীষ নাথৰ পদত্যাগ

যাৰ ফলস্বৰূপে সাংসদ কৃপানাথ মাল্লাই সভাপতি আশীষ নাথৰ পক্ষত ঠিয় দিয়াৰ পাচতো সভাপতিগৰাকীয়ে পদত্যাগ কৰিবলগীয়া হ’ল ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন যুৱ কংগ্ৰেছৰ

Last Updated :Sep 19, 2021, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.