ETV Bharat / state

নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী

author img

By

Published : Jun 30, 2020, 3:14 PM IST

লকডাউনৰ মাজত অসমত আৱদ্ধ হৈ থকা 18 গৰাকী বাংলাদেশী নাগৰিকক অৱশেষত নিজ দেশলৈ ওভোটাই পঠিওৱা হয় ৷

নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী
নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী

কৰিমগঞ্জ, 30 জুন : কোভিড-19ৰ পৰৱৰ্তী সময়ত জাৰী কৰা লকডাউনৰ বাবে ভাৰতত আৱদ্ধ হৈ আছিল 18 গৰাকী বাংলাদেশী নাগৰিক ৷ অসমৰ বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত আৱদ্ধ থকা থকা লোককেইগৰাকীৰ ভিতৰত এগৰাকী মানসিক ভাৰসাম্যহীন মহিলাকে ধৰি 17 গৰাকী পৰ্যটক আছিল ৷

নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী

অৱশেষত কোভিড-19ৰ যাৱতীয় সকলো পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰাৰ পিচত আটাইকেইগৰাকী লোকক বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ হাতত গটাই দিয়ে সীমান্ত আৰক্ষী আৰু বিএছএফে ৷ উল্লেখ্য যে, মানসিকভাৱে ভাৰসাম্যহীন মহিলাগৰাকী পুৰৱী মহলদাৰ বুলি জানিব পৰা গৈছে আৰু বিগত 24 জুন তাৰিখে তেওঁ কাছাৰ জিলাত প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে ৷ জিলাখনৰ কাঠিগড়া থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ হৰিনগৰ এলেকাৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়কঃ বঙাইগাৱঁত ৰেল বিভাগৰ দায়িত্বহীনতাৰ বাবে পণবন্দী সাধাৰণ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.