ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ তাণ্ডৱ

author img

By

Published : Apr 17, 2021, 7:58 PM IST

Updated : Apr 17, 2021, 8:59 PM IST

পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ তাণ্ডৱ
পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ তাণ্ডৱ

পশ্চিম কাৰ্বি আংলঙত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ নিমিষতে ভাঙি লণ্ড ভণ্ড কৰে ১৫ টা বাসগৃহ আৰু ভঁৰাল ৷

ডিফু, ১৭ এপ্ৰিল: হাতী-মানুহৰ সংঘাত অব্যাহত আছে পশ্চিম কাৰবি আংলঙ জিলাত ৷ প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম কাৰ্বি আংলং জিলাৰ কলঙা অঞ্চলত এজাক বনৰীয়া হাতীৰ উপদ্ৰৱে অঞ্চলটোত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

পশ্চিম কাৰ্বি আংলঙত বন্য হস্তীৰ তাণ্ডৱ

জিলাখনৰ ডংকামোকামস্থিত বন উপ সংমণ্ডলৰ অধীনস্থ ইংলং বিৰিক গাঁওখনত শুক্ৰবাৰে নিশা ভাগত অহা এজাক বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ চলাই প্ৰায় ১৫টাকৈ বাসগৃহ কম-বেছি পৰিমাণে ক্ষতি সাধন কৰাৰ লগতে গৃহস্থৰ ভঁৰাল ভাঙি বনৰীয়া হাতীৰ জাকটোৱে ধান খাই ঘৰ-বাৰি তহিলং কৰে ৷

ইপিনে, বনৰীয়া হাতীৰ জাকটোৱে ইংলং বিৰিক গাঁও খনত প্ৰৱেশ কৰি ওৰে নিশাটোত এক প্ৰকাৰে উপদ্ৰৱ চলায় ত্ৰাসৰ সৃষ্টি কৰে ৷ ইফালে শনিবাৰে পুৱতি নিশাই বনৰীয়া হাতীৰ জাকটোৱে গাঁও খনক এৰি কাষতে থকা পাহাৰৰ ফালে প্ৰস্থান কৰে ৷

আনহাতে, ক্ষতিগ্ৰস্ত দৰিদ্ৰ পৰিয়াল কেইটাই চৰকাৰৰ পৰা যথোচিত সাহায্যৰ বাবে দাবী উত্থাপন কৰে ৷ ইয়াৰোপৰি স্থানীয় ৰাইজে হাতী-মানুহৰ সংঘাত পৰা পৰিত্ৰাণ পাবলৈ এক স্থায়ী সমাধান বিচাৰিছে বিভাগীয় কতৃপক্ষ ফালৰ পৰা ৷

লগতে পঢ়ক: মাস্ক পৰিধান নকৰিলে এহাজাৰ টকাৰ জৰিমনা

Last Updated :Apr 17, 2021, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.