ETV Bharat / state

ডকমকাত ভয়ংকৰ পথ দুর্ঘটনাঃ ৰাজপথত চিকিৎসকৰ ৰূপত বিধায়ক

author img

By

Published : Jan 20, 2021, 9:57 PM IST

কার্বি আংলং জিলাৰ ডকমকাত মঙলবাৰে সংঘটিত হোৱা এক দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা বোকাজানৰ বিধায়ক নোমল মুমিনক দেখা গ‘ল চিকিৎসকৰ ৰূপত ৷ গুৱাহাটীৰ পৰা নিজ সমষ্টি অভিমুখে আহি থকা অৱস্থাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এক দুৰ্ঘটনাৰ পাছত যন্ত্রণাত ছটফটাই থকা অৱস্থাতে দুজন লোকক প্ৰত্যক্ষ কৰিছিল বিধায়ক গৰাকীয়ে ৷

two-injured-in-road-mishap-bokajan-mla-take-great-inatiative
ডকমকাত ভয়ংকৰ পথ দুর্ঘটনাঃ ৰাজপথত চিকিৎসকৰ ৰূপত বিধায়ক

ডিফু, ২০ ডিচেম্বৰঃ কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ডেনগাঁৱৰ সমীপবর্তী কাউৰী পথাৰত মঙলবাৰে এক শােকাৱহ পথ দুর্ঘটিনা সংঘটিত হয়। মঙলবাৰে সন্ধিয়া সাতমান বজাত ডিমাপুৰৰ পৰা হােজাই অভিমুখে গৈ থকা AA 07 E 0679 নম্বৰৰ মাৰুতী এল্ট বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত স্কুটিখনত থকা এগৰাকী মহিলাকে ধৰি দুজন লােক অতি গুৰুতৰ ভাৱে আহত হয় ।

two-injured-in-road-mishap-bokajan-mla-take-great-inatiative
ডকমকাত ভয়ংকৰ পথ দুর্ঘটনাঃ ৰাজপথত চিকিৎসকৰ ৰূপত বিধায়ক

ইফালে, দু্ৰ্ঘটনা সংঘটিত হােৱাৰ পিছতে আহত দুয়ােগৰাকী লােক ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে যন্ত্রণাত ছটফটাই থকা অৱস্থাতে গুৱাহাটীৰ পৰা নিজ সমষ্টি অভিমুখে আহি থকা বােকাজানৰ বিধায়ক ডাঃ নােমল মমিন উক্ত স্থানত উপস্থিত হয় । বিধায়ক গৰাকীয়ে লগে লগে ৰাজপথতে দূৰ্ঘটনাত অতি গুৰুতৰভাৱে আহত হােবা দুয়ােগৰাকী স্কুটাৰ আৰোহীক প্রাথমিক চিকিৎসা প্রদান কৰাৰ লগতে নিজা কনভয়ৰ বাহনেৰে দুয়ােকে ডকমকাৰ প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱায় ৷ লগতে চিকিৎসালয়তাে এগৰাকী চিকিৎসকৰ ৰূপত অবতীর্ণ হৈ দুয়ােগৰাকী দুর্ঘটনাগ্রস্ত লােকক চিকিংসা সেৱা প্রদান কৰে বিধায়ক গৰাকীয়ে ।

two-injured-in-road-mishap-bokajan-mla-take-great-inatiative
ডকমকাত ভয়ংকৰ পথ দুর্ঘটনাঃ ৰাজপথত চিকিৎসকৰ ৰূপত বিধায়ক

উল্লেখ্য যে, ৰাজপথত যন্ত্রণাত চটফটাই থকা দুজন দু্ৰ্ঘটনাগ্রস্ত লােকক জৰুৰী চিকিৎসা সেৱা প্রদান কৰি জীৱন ৰক্ষা কৰি এগৰাকী চিকিৎসক হিচাপে মানৱ সেৱাৰ প্রকৃত ধর্ম পালন কৰিছে বিধায়ক গৰাকীয়ে ৷ এই ক্ষেত্ৰত মহানুভৱতাৰ পৰিচয় দিয়াৰ বাবে বিধায়ক ডাঃ নােমল মমিনক সচেতন মহলে প্রশংসা কৰিছে।

লগতে পঢ়ক: ইটিভি ভাৰত exclusive : ৰাজপথত অনুশীলনত ব্যস্ত বাংলাদেশ সেনাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.