ETV Bharat / state

Food Poison in Karbi Anglong: বৰা চাউলে প্ৰাণ কাঢ়িলে আইতাকসহ নাতি-নাতিনীৰ

author img

By

Published : Jan 19, 2023, 8:43 PM IST

বৰা চাউলত বিষক্ৰিয়া হৈ আইতাকসহ নাতি-নাতিনীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে ৷ কাৰ্বি আংলঙত সংঘটিত হয় এই শোকাৱহ ঘটনা (Food Poison in Karbi Anglong)৷

Food Poison in Karbi Anglong
বৰা চাউলে প্ৰাণ কাঢ়িলে আইতাকসহ নাতি-নাতিনীৰ

বৰা চাউলে প্ৰাণ কাঢ়িলে আইতাকসহ নাতি-নাতিনীৰ

ডিফু, ১৯ জানুৱাৰী : মাঘ বিহুৰ আনন্দ-উল্লাসৰ মাজতে কাৰ্বি আংলঙত এক শোকাৱহ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ বৰা চাউলেৰে প্ৰস্তুত কৰা খাদ্য খাই দুই নাতি-নাতিনীসহ আইতাকৰ মৃত্যু হ’ল কাৰ্বি আংলঙৰ ডকমকাত ৷ ডকমকাৰ দুৰ্গম টেকেলাজুং অঞ্চলত সংঘটিত হয় শোকাৱহ ঘটনাটো (Food Poison in Karbi Anglong)৷

বৰা চাউলেৰে প্ৰস্তুত কৰা খাদ্যত বিষক্ৰিয়া হৈ কৰুণ মৃত্যুক সাৱটি ল’লে আইতাক-নাতি-নাতিনীয়ে ৷ মঙলবাৰে সংঘটিত হয় ঘটনাটো ৷ অতি দুৰ্গম অঞ্চলত সংঘটিত ঘটনাটো পলমকৈ পোহৰলৈ আহে বৃহস্পতিবাৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি, ডকমকাৰ টেকেলাজুঙত মঙলবাৰে ৭০ বছৰীয়া বৃদ্ধা ৱাংবাৰী কিলিংপী, ১১ বছৰীয়া ৰশ্মিতা বে'পী আৰু ৭ বছৰীয়া ছাৰজুং বে'য়ে বৰা চাউলৰ পৰা প্ৰস্তুত খাদ্য সেৱন কৰাৰ পিচতেই নিশালৈ অসুস্থ হৈ পৰে ৷ বিষক্ৰিয়াৰ ফলত শৌচ, বমিৰ ফলতে প্ৰথমেই বৃদ্ধাগৰাকীৰ মৃত্যু ঘটে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে (Grand children grand mother dead at Dokmoka)৷

আনহাতে গুৰুতৰভাবে অসুস্থ হৈ পৰা নাতি-নাতিনী 11 বছৰীয়া ৰশ্মিতা বে’ আৰু ৭ বছৰীয়া ছাৰজুং বে’ক ডকমকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ দুৰ্ভাগ্যবশতঃ যদিও চিকিৎসাধীন অৱস্থাতে কেন্দ্ৰত শিশু চাৰজুঙৰ মৃত্যু ঘটে ৷ আনহাতে উন্নত চিকিৎসাৰ বাবে ৰশ্মিতাক ডিফু চিকিৎসা মহাবিদ্যালয়লৈ(Diphu Medical College) প্ৰেৰণ কৰা হয় যদিও অভিভাৱকে নিজ গৃহলৈ যোৱাত বুধবাৰে নিজ গৃহতে মৃত্যু ঘটে বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে, দুৰ্গম অঞ্চলটোত দৰিদ্ৰতা আৰু স্বাস্থ্যখণ্ডৰ পঁয়ালগা অৱস্থাৰ বাবেই এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত ডকমকাৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, ৰশ্মিতা আৰু ছাৰজুঙক ডকমাকা প্ৰাথমিক চিকিৎসালয়ত অভিভাৱকে মূমুৰ্ষ অৱস্থাত ভৰ্তি কৰোৱাইছিল ৷

চিকিৎসালয়খনৰ চিকিৎসকে লাগতিয়াল সকলো চিকিৎসা প্ৰদান কৰাৰ লগতে দুয়োকে অক্সিজেনো দিছিল যদিও ৭ বছৰীয়া ছাৰজুং বে’ পাঁচ মিনিটৰ পিচতে মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত মূমূৰ্ষ অৱস্থাত 11 বছৰীয়া ৰশ্মিতা বে’ক চিকিৎসকে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰে যদিও অভিভাৱকে ডিফুলৈ নিয়াৰ পৰিৱৰ্তে নিজ ঘৰলৈ লৈ যোৱাৰ ফলত ৰশ্মিতাৰ মৃত্যু হয় বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Wolf terror in Sultanpur: কুকুৰনেচীয়াই ভক্ষণ কৰিলে শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.