ETV Bharat / state

বোকাজানত বজ্ৰ পৰি কৃষকৰ মৃত্যু

author img

By

Published : Jun 13, 2021, 9:06 PM IST

বোকাজানত সঘটিত হৈছে এটা শোকাৱহ ঘটনা ৷ বজ্ৰপাতত মৃত্যুক আঁকোৱালি ল’লে দুজন কৃষকে । চাৰিগৰাকী গুৰুতৰভাৱে আহত হয় এই ঘটনাত ৷

two-farmer-death-in-thunder-light
বোকাজানত বজ্ৰ পৰি কৃষকৰ মৃত্যু

ডিফু, ১৩ জুন : কাৰ্ব আংলং জিলাৰ বোকাজানত বজ্ৰ পৰি দুজন কৃষকৰ মৃত্যু হোৱা ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে খেতি পথাৰত কৃষি কৰ্মত ব্যস্ত থকা অৱস্থাত বজ্ৰ পৰি মৃত্যু হয় চাৰ্থে তিমুং আৰু বাবু ইংতি নামৰ দুজন কৃষকৰ । আনহাতে এই ঘটনাৰ ফলত আন চাৰিগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ৷

two-farmer-death-in-thunder-light
বোকাজানত বজ্ৰ পৰি কৃষকৰ মৃত্যু

সংকটজনক অৱস্থাত চাৰিওগৰাকী মহিলাক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ মৃত চাৰ্থে তিমুঙৰ ঘৰ বোকাজান কাৰাগাঁৱত । আনহাতে বাবু ইংতিৰ ঘৰ ৰংপি বস্তিত । চাৰ্থে তিমুং আৰু বাবু ইংতিক বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ আনিছিল যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক:ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বলীউডৰ বাদশ্বাহে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.