ETV Bharat / state

দুষ্প্ৰাপ্য কেঁকোসাপ আৰু বনৰৌৰ বাকলিৰ সৈতে দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 18, 2021, 9:06 PM IST

two-arrested-in-bokajan-with-12-geckos-and-pangolin-scales
দুষ্প্ৰাপ্য কেঁকোসাপ আৰু বনৰৌৰ বাকলিৰ সৈতে দুজনক গ্ৰেপ্তাৰ

ক'ভিডসৃষ্ট পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত সক্ৰিয় হৈছে একাংশ দুষ্ট চক্ৰ ৷ ড্ৰাগছ তথা অন্যান্য অবৈধ সামগ্ৰীৰ পাচত এইবাৰ বন্যপ্ৰাণী সৰবৰাহত ধৰিছে একাংশ দুষ্ট লোকে ৷

ডিফু, 18 জুলাই: অসম আৰক্ষীৰ কঠোৰ অভিযানৰ পাচতো অসম-নাগালেণ্ড সীমান্তত অব্যাহত থকা অবৈধ ড্ৰাগছৰ চোৰাং বেহাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে সীমান্ত অঞ্চলেদি দুষ্প্ৰাপ্য কেঁকো সাপ সৰবৰাহৰ ঘটনা ৷ দেওবাৰে সীমান্ত অঞ্চলৰ পৰা 12 টাকৈ কেঁকো সাপ আৰু বনৰৌৰৰ বাকলিৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ পাচতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ আটকাধীন দুজনৰ মাজৰ এজন ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন(IRBN)ৰ জোৱান বুলি জানিব পৰা গৈছে ৷ বৰ্তমান দুয়োকে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

দুষ্প্ৰাপ্য কেঁকোসাপ আৰু বনৰৌৰ বাকলিৰ সৈতে দুজনক গ্ৰেপ্তাৰ

প্ৰাপ্ত খবৰ অনুসৰি, ডিমাপুৰৰ পৰা বিক্ৰীৰ উদ্দেশ্যে কেঁকোসাপ আৰু বনৰৌৰ বাকলিখিনি অনা হৈছিল ৷ এই সন্দৰ্ভত গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা বন্য জীৱ অপৰাধ নিয়ন্ত্ৰণ সংস্থা(Wild life crime control bureau)ৰ এটা দলে বোকাজান আৰক্ষী আৰু বোকাজানৰ বন বিভাগৰ যৌথ উদ্যোগত এক অভিযান চলাই ৷ অভিযানত বোকাজানৰ পৰা কেঁকোসাপ কেইটাৰ লগতে অভিযানকাৰী দলটোৱে বনৰৌৰ বাকলিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দুজন সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে ৷

বন বিভাগে জানিবলৈ দিয়া মতে, উক্ত অভিযানত সৰ্বমুঠ ১২ টা কেঁকোসাপ আৰু ১২ কিলোগ্ৰাম বনৰৌৰ বাকলি উদ্ধাৰ কৰা হৈছে ৷ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ গ্ৰেপ্তাৰ হোৱা দুজনৰ মাজৰ এজন ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন(IRBN)ৰ জোৱান ৰিখ' আৰু এজন ইলুংহেও কোৱামে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ধৃত ইলুংহেও কোৱামে নিজকে ছাত্ৰ বুলি চিনাকি দিছে ৷ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃহোজাইত জব্দ কৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.