ETV Bharat / state

ৰেংবংহম সেৱাশ্ৰমত আৰ এছ এছৰ প্ৰশিক্ষণ শিবিৰত মোহন ভাগৱত

author img

By

Published : May 15, 2022, 1:24 PM IST

কাৰ্বি আংলঙৰ ৰেংবংহম সেৱাশ্ৰমত আৰএছএছৰ কুৰি দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন (Training Camp begins of RSS at Rengbonghom) ৷ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত ৷

Training Camp begins of RSS at Rengbonghom
আৰ এছ এছৰ দ্বিতীয় বৰ্ষৰ 20 দিনীয়া এক প্ৰশিক্ষণ শিবিৰ

ডিফু, 15 মে’ : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ দ্বিতীয় বৰ্ষৰ 20 দিনীয়া এক প্ৰশিক্ষণ শিবিৰ কাৰ্বি আংলং জিলাৰ ৰেংবংহম সেৱাশ্ৰমত অনুষ্ঠিত কৰা হয় । বিগত 9 মে'ৰ পৰা 20 দিন বাবে আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ কাৰ্যক্ৰম অতি আৰম্বপূৰ্ণভাৱে অনুষ্ঠিত হয় (Training Camp begins of RSS at Rengbonghom) ৷

আয়োজকসকলে উল্লেখ কৰা অনুসৰি, এই শিবিৰত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ মুঠ 154 গৰাকী সেৱকে উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ৰেংবংহম সেৱাশ্ৰমৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হৈছেহি আৰ এছ এছ প্ৰধান মোহন ভাগৱত(RSS Chief Mohan Bhagwat) । আৰ এছ এছ প্ৰধানগৰাকীয়ে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

ৰেংবংহম সেৱাশ্ৰমত 9 মে'ৰ পৰা আৰম্ভ আৰএছএছৰ কুৰি দিনীয়া প্ৰশিক্ষণ শিবিৰ

শুকুৰবাৰে ফুলনিৰ ৰেংবংহম সেৱাশ্ৰমত উপস্থিত হোৱা আৰ এছ এছ প্ৰধানগৰাকীয়ে আগন্তুক 17 মে'লৈকে সেৱাশ্ৰমৰ প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত থাকি প্ৰশিক্ষণৰ কাৰ্যসূচীত অংশ ল'ব । প্ৰশিক্ষণ শিবিৰত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলক 19 গৰাকী প্ৰশিক্ষকে শাৰীৰিক আৰু বৌদ্ধিক শিক্ষা প্ৰদান কৰি থকা হৈছে ।

শুকুৰবাৰে আহি সেৱাশ্ৰমত উপস্থিত হোৱা আৰ এছ এছ প্ৰধানগৰাকীয়ে বৰ্তমানলৈকে কোনো বিশেষ ব্যক্তি অথবা সংবাদ মাধ্যমৰ লোকক সাক্ষাৎ দিয়া নাই । অৱশ্যে, ইয়াৰ মাজতে দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হোৱা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শনিবাৰে আৰ এছ এছ প্ৰধান মোহন ভাগৱতক সেৱাশ্ৰমত সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে । ৰাজ্যিক সভাপতিগৰাকীয়ে আৰ এছ এছ প্ৰধানগৰাকীৰ সৈতে এক বৈঠকত মিলিত হয় বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : মাকৰ ঘৰলৈ যাব নোপোৱাৰ বাবে আত্মহত্যা মহিলাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.