ETV Bharat / state

সীমা সমস্যাকলৈ চৰকাৰৰ "দিয়া-লোৱা" নীতি মানি লোৱা নহ’ব

author img

By

Published : Aug 26, 2021, 10:18 PM IST

শ্বিলঙত অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে "দিয়া-লোৱা" নীতিৰে আলোচনাৰ পোষকতা কৰাৰ পিছৰে পৰাই সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ সীমা সমস্যাক লৈ চৰকাৰৰ "দিয়া-লোৱা" নীতি কোনো কাৰণতেই মানি লোৱা নহব ৷ এই হুংকাৰ প্ৰদান কৰিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও সংগঠনে ৷

the-governments-give-and-take-policy-will-not-be-accepted-to-solve-the-border-problem
"দিয়া-লোৱা" নীতিৰ অৱতাৰণা

ডিফু,26 আগষ্ট: পশ্চিম কাৰ্বি আংলং জিলা সংলগ্ন অসম-মেঘালয় সীমা সমস্যাকলৈ ক্ৰমাৎ সৰৱহৈ পৰিছে জিলাখনৰ ইটোৰ পিছত সিটো সামাজিক আৰু ছাত্ৰ সংগঠন ৷ বৃহস্পতিবাৰে ডিফুস্থিত কাৰ্বি ষ্টুডেণ্টছ এণ্ড য়ুথ কাউঞ্চিলৰ মুখ্য কাৰ্যালয়ত কেএছৱাইচি(KSYC), কেএফএ(KFA) আৰু কেএছইউ(KSU) য়ে যুটীয়া সংবাদ মেলৰ আয়োজন কৰি অসম-মেঘালয় সীমান্তত উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতিৰ ওপৰত তীব্ৰ ক্ষোভ তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

উল্লেখ্য যে, অলপতে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে "দিয়া-লোৱা" শীৰ্ষক নীতিৰে আলোচনাৰ পোষকতা কৰাৰ পিছৰে পৰাই সীমান্তত এনে উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি অভিযোগ কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ সীমান্ত অঞ্চলত দীৰ্ঘদিনৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে একেলগে বসবাস কৰি আহিছিল যদিও "দিয়া-লোৱা" নীতিৰ অৱতাৰণা হোৱাৰ লগে লগে সীমান্তত মেঘালয় আৰক্ষী আৰু মেঘালয়ৰ ৰাইজে বেদখল আৰম্ভ কৰি দিছে বুলি মন্তব্য কৰে সংগঠন কেইটাৰ নেতাই ৷

"দিয়া-লোৱা" নীতিৰ অৱতাৰণা

সম্প্ৰতি সীমান্তবাসী ৰাইজে চৰম নিৰাপত্তাহীনতাত ভুগি থকাৰ সময়তে এই ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷

লক্ষণীয় ভাৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৰ্গই সীমাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি তথা সীমান্ত অঞ্চলত গৈ সীমান্তবাসীক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে ছ'চিয়েল মেডিয়াত "বাৰ্থডে" উদযাপনৰ ফটো, ভিডিঅ' আপলোড কৰি থকা সন্দৰ্ভত দুখ প্ৰকাশ কৰে সংগঠন কেইটাই ৷ লগতে ৰাজনৈতিক নেতৃবৰ্গই নিজকে নিৰাপদ স্থানত অৱস্থান নকৰি সীমান্তত গৈ পৰিস্থিlিৰৰ বুজ লোৱাৰ লগতে উভয় পক্ষৰ মাজত গঠনমুলক আলোচনাৰে সমস্যা সমাধানৰ আহ্বান জনাইছে সংগঠন কেইটাৰ নেতাই ৷

লগতে পঢ়কঃফাষ্ট ট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

আনহাতে ডিলাই থানাৰ অন্তৰ্গত দিছাপুৰতো নগাই বেদখল অব্যাহত ৰাখিছে বুলি অভিযোগ কৰে সংগঠন কেইটাই ৷ লগতে কাৰ্বি আংলঙৰ মাটি কোনো কাৰণতে আন ৰাজ্যক গটাই দিয়া মানি লোৱা নহ’ব বুলি সকীয়াই দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ সামান্তৰালকৈ বেদখলকাৰীৰ বিৰুদ্ধে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ দৃঢ় স্থিতিক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনায় সংগঠন কেইটাৰ নেতৃবৰ্গই ৷

1951 চনৰ চৰকাৰে সীমা নিৰ্দ্ধাৰণ কৰি দিয়া ধৰণেই সীমাৰ অৱস্থান থাকিব লাগিব বুলি দাবী জনায় সংগঠন কেইটাই ৷

লগতে পঢ়কঃ পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.