ETV Bharat / state

বোকাজানত উত্তপ্ত পৰিস্থিতি: ব্যৱসায়ী আৰু কৰ সংগ্ৰহ বিষয়াৰ মাজত হতাহতি

author img

By

Published : Oct 27, 2022, 10:15 PM IST

tense situation at Diphu
বোকাজানত উত্তপ্ত পৰিস্থিতি: ব্যৱসায়ী আৰু কৰ সংগ্ৰহ বিষয়াৰ মাজত হতাহতি

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কৰ সংগ্ৰহৰ বাবে যোৱা একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা বোকাজানৰ শুকানজানত ব্যৱসায়ীসকল সৰৱ হৈ পৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (tense situation at Diphu)৷

ডিফু, 27 অক্টোবৰ: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কৰ সংগ্ৰহৰ বাবে যোৱা একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা বোকাজানৰ শুকানজানত ব্যৱসায়ীসকল সৰৱ হৈ পৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা অনুসৰি যোৱা কেইদিনৰ মানৰ পৰা কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ কৰ সংগ্ৰহ বিষয়াৰ এটা দলে বোকাজানৰ সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ নথিপত্ৰ পৰ্যবেক্ষণ কৰি আহিছিল (tense situation at Diphu) ৷

ইয়াৰ পিছতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা শেহতীয়াকৈ আৰোপ কৰা কৰ ব্যৱস্থাক আঁসোৱাহপূৰ্ণ বুলি অভিযোগ কৰি জিলাখনৰ ব্যৱসায়ীসকলে মাজে-সময়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷

ইয়াৰ মাজতে আজি কৰ সম্পৰ্কীয় বিষয়ত বোকাজানৰ শুকানজানত কৰ বিভাগৰ দলটো উপস্থিত হোৱাৰ লগে লগে স্থানীয় ব্যৱসায়ীসকলে কৰে বিভাগৰ দলটোক আগুৰি ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

ফল স্বৰূপে দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ বিষয়ে বোকাজান আৰক্ষীক খবৰ দিয়ে দলটোৱে ৷ বোকাজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ব্যৱসায়ী সকলক উক্ত স্থানৰ পৰা ছত্ৰভংগ দিয়াই৷খবৰ পোৱাৰ পিছতে স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰখা কৰ বিভাগৰ দলটোক বোকাজান থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কৰ বিভাগৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত চাৰিজন লোকক আটক কৰি বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

বোকাজানত উত্তপ্ত পৰিস্থিতি: ব্যৱসায়ী আৰু কৰ সংগ্ৰহ বিষয়াৰ মাজত হতাহতি

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পিছত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা কাৰ্যালয়ত যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি ছাত্ৰ সন্থাই এক যুটীয়া সংবাদ মেলৰ আয়োজন কৰি শুকানজানৰ উক্ত ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। কাৰ্বি আংলং ব্যৱসায়ী সন্থাই আজি বিয়লি বকলীয়াঘাট আঞ্চলিক যুৱ সংঘ প্ৰাংগনত এক সংবাদমেলৰ আয়োজন কৰি উক্ত বিষয়ত উদ্বেগ প্ৰকাশ কৰে।

সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ৰাজেন বৰা আৰু বাবুল কাকতিয়ে সংবাদমেলত উল্লেখ কৰা অনুসৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কৰ ব্যৱস্থাৰ কেতবোৰ আঁসোৱাহ সম্পৰ্কে পৰিষদৰ সৈতে দুলানি আলোচনা ইতিমধ্যে অনুষ্ঠিত হৈছে। বিষয়টো সন্দৰ্ভত পৰিষদৰ সৈতে আলোচনা অব্যাহত থকাৰ সময়তে আজি সংঘটিত এনে ঘটনাই আলোচনা প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.