ETV Bharat / state

ডিফু কলেজত WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰ

author img

By

Published : Jun 29, 2022, 7:08 PM IST

Seminar on conservation of nature and culture of WWF is organized
ডিফু কলেজত WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন

WWFৰ সহযোগত ডিফু চৰকাৰী কলেজত আয়োজন কৰা হয় এক আলোচনা চক্ৰ (Seminar on conservation of nature and culture of WWF is organized) ৷ এই চক্ৰত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াৰ লগতে কেবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

ডিফু, ২৯ জুন : বুধবাৰে ডিফু চৰকাৰী কলেজত World Wide Fund for Nature চমুকৈ WWF য়ে প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ অৱণী কুমাৰ ভাগৱতীয়ে মূল বক্তাৰূপে অংশ গ্ৰহণ কৰে ৷

WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন

এই আলোচনা চক্ৰখনি আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷ ড৹ ভাগৱতীয়ে প্ৰকৃতি আৰু সংস্কৃতিৰ একাত্মতা উদাহৰণসহ ব্যাখ্যা কৰি সকলোকে প্ৰকৃতি সংৰক্ষণৰ বাবে আগবাঢ়ি অহাৰ আহ্বান জনায় ৷

Seminar on conservation of nature and culture of WWF is organized
ডিফু কলেজত WWF ৰ প্ৰকৃতি আৰু সংস্কৃতি সংৰক্ষণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বন বিভাগৰ প্ৰধান বন সংৰক্ষক বিপিন চন্দ্ৰ বানচাল, অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক আতুক কিৰি ইংতি, ডিফু কলেজৰ অধ্যক্ষ তাদো তাৰ’পী, এভাৰেষ্ট বিজয়ী খৰছিং তেৰাং, প্ৰকৃতি প্ৰেমী অতনু দে প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিয়ে উক্ত আলোচনাত অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতি সংৰক্ষণত অন্তঃকৰণে জড়িত হ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ পূজা অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.