ETV Bharat / state

সমাজৰ হৈ একেলগে কাম কৰি যোৱাৰ সংকল্প প্ৰাক্তন কে পি এল টি কেডাৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 7:00 AM IST

সেউজ বিপ্লৱ গঢ়াৰ দিশে কাৰ্বি পাহাৰৰ ‌একালৰ বন্দুকধাৰীসকল । কে পি এল টিৰ প্ৰাক্তন কেডাৰসকল লৈ কে পি এল টি কল্যাণ পৰিষদ নামেৰে এটা পৰিষদ গঠন কৰা হৈছে । ধনীৰাম মিলিকক সভাপতি আৰু জেমছন ক্ৰ'ক সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে পৰিষদখন ৷

Sampri Atur Ex KPLT  Welfare Society First Executive Meets
সমাজৰ হৈ একেলগে কাম কৰি যোৱাৰ সংকল্প প্ৰাক্তন কে পি এল টি কেডাৰৰ

ডিফু, 19 ডিচেম্বৰ : অস্ত্ৰৰ ঝনঝননিৰে নহয়, এতিয়া সেউজ বিপ্লৱ গঢ়াৰ দিশে কাৰ্বি পাহাৰৰ ‌একালৰ বন্দুকধাৰীসকল । দীৰ্ঘদিন ধৰি অৰণ্যত বাস কৰি সংগ্ৰাম চলাই অহাৰ পাচত চৰকাৰৰ সৈতে আলোচনাত সদিচ্ছা প্ৰকাশ কৰি জনাৰণ্যলৈ ওলাই আহিছিল কে পি এল টিৰ কেডাৰসকল ।

ইতিমধ্যে চৰকাৰৰ মেজত হোৱা আলোচনামৰ্মে কে পি এল টিৰ প্ৰাক্তন কেডাৰসকলে লাভ কৰিছে প্ৰায় চাৰি লক্ষ টকাৰ আৰ্থিক সাহাৰ্য । আন আন দাবীসমূহো কেন্দ্ৰ-ৰাজ্য চৰকাৰে পূৰণ কৰিব বুলি আশাবাদী বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন কেডাৰসকল ।

ইপিনে, কে পি এল টিৰ প্ৰাক্তন কেডাৰসকল মিলিত হৈ সাধাৰণ জীৱন যাপন আৰু সমাজৰ প্ৰতিটো জাতি-জনগোষ্ঠী লগত সমিলমিলেৰে আগবাঢ়ি যোৱাৰ লক্ষ্যৰে গঠন কৰা হৈছে ছাম্প্ৰী আতুৰ প্ৰাক্তন কে পি এল টি কল্যাণ পৰিষদ নামেৰে এখন পৰিষদ । ইতিমধ্যে এই পৰিষদে লাভ কৰিছে চৰকাৰী পঞ্জীয়ন ।

বেচৰকাৰী সংস্থা হিচাপে পৰিচয় লাভ কৰা পৰিষদৰ বৰ্তমানৰ সদস্য সংখ্যা 44 জন ৷ ইয়াৰে ধনীৰাম মিলিকক সভাপতি আৰু জেমছন ক্ৰ'ক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে । সোমবাৰে ডকমকাত ছাম্প্ৰী আতুৰ প্ৰাক্তন কে পি এল টি কল্যাণ পৰিষদৰ বিষয়ববীয়াৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাৰ পাচত এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ কাৰ্যপ্ৰণালীৰ সম্পৰ্কে, প্ৰাক্তন কেডাৰসকল যাতে বিপথে পৰিচালিত নহয় তাৰো লক্ষ্য ৰখাৰ এক প্ৰয়াস কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ্য কৰে পৰিষদৰ সভাপতি আৰু সম্পাদকে ৷

অনাগত দিনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বহুমুখী আৰু কল্যাণকামী আঁচনিসমূহত পৰিষদখনক সাঙুৰি ল'ব বুলি আশা প্ৰকাশ কৰে পৰিষদৰ সদস্যসকলে । তাৰবাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ সমূহ সদস্য, কাৰ্যবাহী সদস্য, বিধায়ক আৰু সাংসদকো অনুৰোধ জনায় পৰিষদৰ নেতাই ।

উক্ত অনুষ্ঠানত সভাপতি, সাধাৰণ সম্পাদকৰ লগতে উপ-সভাপতি মছেছ ইংলেং, সহকাৰী সাধাৰণ সম্পাদক ছেমছন ৰংহাং, কাৰ্যালয় সম্পাদক ৰাংছিনা টেৰণ, কোষাধ্যক্ষ ৰাহুল টেৰণসহ সকলো সদস্যই অংশগ্ৰহণ কৰি সমাজৰ হৈ একেলগে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়কে : ডিফুত হিল পিপ'লছ ফ'ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.