ৰাছিংজা আচঙলৈ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কমিউনিটি ডেভেলপমেণ্ট এৱাৰ্ড

author img

By

Published : Sep 17, 2022, 2:01 PM IST

Updated : Sep 17, 2022, 2:23 PM IST

ৰাছিংজা আচঙলৈ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কমিউনিটি ডেভলপমেণ্ট এৱাৰ্ড

ৰাছিংজা আচঙলৈ ২০২২ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কমিউনিটি ডেভেলপমেন্ট এৱাৰ্ড(CM Award for community action award for development) ৷ ৰাংছিজা আচঙৰ ডিফুৰ বিৰলাস্থিত কাৰ্যালয়ত প্ৰদান কৰা হয় এই বঁটা ৷

ডিফু, 17 ছেপ্তেম্বৰ: কাৰ্বি আংলং জিলাৰ ডিফুৰ 'ৰাছিংজা আচং' নামৰ সাংস্কৃতিক অনুষ্ঠানটোক আজি মুখ্যমন্ত্ৰীৰ 'কমিউনিটি একচন এৰ্ৱাড ফ’ৰ ডেভেলপমেন্ট 2022 প্ৰদান কৰা হয়(CM Award for community action award for development) ৷ ডিফুৰ বিৰলাত থকা ৰাংছিজা আচঙৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷

ৰাছিংজা আচঙৰ উপ-সভানেত্ৰী কাৰণ হাঞ্চেপীৰ অধ্যক্ষতাত হোৱা এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ উপায়ুক্ত দিবাকৰ নাথ , জিলা গ্ৰাম্য উন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক শশীকান্ত তিমুং, পৰিকল্পনা বিষয়া এছ তিমুং, উদ্যোগ বিভাগৰ অতিৰিক্ত সঞ্চালক মেলিনা টেৰণপী, কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ ছিং ক্ৰ'কে ধৰি অতিৰিক্ত উপায়ুক্ত উপস্থিত থাকে ৷

সম্পাদিকা ফুলমতী টেৰণপীয়ে আঁত ধৰা অনুষ্ঠানত ৰাছিংজা আচঙৰ সন্দৰ্ভত কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সভানেত্ৰী খিৰলা টেৰণপী, কে চি এছৰ সভাপতি চন্দ্ৰ ছিং ক্ৰ' আৰু লেখক-সাংবাদিক সঞ্জু বৰাই আলোকপাত আগবঢ়ায় । প্ৰকল্প সঞ্চালক শশীকান্ত তিমুঙে কাৰ্বি জনগোষ্ঠীৰ মাজৰ পৰা সংহাৰী ধৰ্মৰ নীতি পৰম্পৰা জনা লোক নোহোৱা হোৱাৰ সময়ত ৰাছিংজা আচঙে তাক ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে তাৰ বাবে চৰকাৰে এই বঁটা আগবঢ়োৱা বুলি উল্লেখ কৰে ৷

ৰাছিংজা আচঙলৈ মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কমিউনিটি ডেভেলপমেণ্ট এৱাৰ্ড

উপায়ুক্ত দিবাকৰ নাথে মুখ্যমন্ত্ৰীৰ এই বঁটা প্ৰদানৰ বাবে অনুষ্ঠিত সভাত সকলো সমিতিৰ সদস্যই কেৱল ৰাছিংজা আচঙৰে নাম উল্লেখ কৰিছিল ৷ সেয়ে সৰ্বসন্মতভাৱে এই বঁটা ৰাছিংজা আচঙক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ উল্লেখ্য যে, কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ আত্মাৰ স্বৰ্গ প্ৰাপ্তিৰ বাবে বিননি গীতৰ লগতে অন্যান্য বহু নীতি-নিয়ম পালন কৰিব লাগে ।

বিননি গীত গোৱা অচপীৰ অভাৱৰ লগতে আন নীতি-নিয়ম জনা লোকৰো অভাৱ হৈ আহিছে ৷ আধুনিকতাৰ ধামখুমীয়াত জনগোষ্ঠীটোৰ পৰম্পৰাক বিলুপ্তৰ পথলৈ যাবলৈ নিদি ৰাছিংজা আচঙে গাৱঁৰ পৰা জনা মহিলা আনি নতুন প্ৰজন্মক এই পৰম্পৰাৰ শিক্ষা 2015 চনৰ পৰাই প্ৰদান কৰি আহিছে(Rasingja Achang teaching the tradition of tribe to new generation since 2015) ৷ বিশেষকৈ ডিফুৰ দৰে নগৰত এই পৰম্পৰা জনা লোকৰ অভাৱৰ বাবেই ৰাছিংজা আচঙে এই পদক্ষেপ লৈছিল(Rasingha Achang took this step especially in Diphu) ৷

অসম চৰকাৰৰ হৈ আজি উপায়ুক্তই সংগঠনটোক 5000 নগদ ধন আৰু অসম চৰকাৰৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰে ৷ দিপালী আমফী চেতিয়াই অনুষ্ঠানৰ শেষত আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

Last Updated :Sep 17, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.