বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

author img

By

Published : Sep 16, 2022, 10:50 PM IST

Etv Bharatবিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

বিগত কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ'ব পাৰে যে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহ বোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে । তদুপৰি প্ৰতিবছৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে সাধাৰণতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ এ পি ডি চি এলক নিৰ্দেশ মুখ্যমন্ত্রীৰ।

গুৱাহাটী,১৬ ছেপ্টেম্বৰ: হঠাতে বৃদ্ধি পালে বিদ্যুতৰ মাচুল (Electricity tariff hike) । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতৰে বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত দুগুণ হৈছে । বিদ্যুতৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মানুহক আচৰিত কৰি তুলিছে । অতি সংগোপনে বিদ্যুতৰ বিলৰ নামত সাধাৰণ গ্ৰাহকক টেটু চেপিবলৈ এপিডিচিএলে কেনেকৈ সাহস কৰিছে ।

ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত এপিডিচিএলে দিছে জাননী । অৱশ্যে জাননীখনত অদ্ভুত যুক্তি দাঙি ধৰা হৈছে । অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে জাননীত কৈছে যে স্মাৰ্ট মিটাৰ সংযোগৰ বাবে বিদ্যুতৰ বিল বৃদ্ধি হোৱা বিভিন্ন খবৰ সংবাদ মাধ্যম বা সামাজিক মাধ্যমত প্ৰকাশ হৈছে (APDCL clarification) । এই খবৰবোৰ সঁচা নহয় । পূৰ্বতে ৮০০ ৰ পৰা ১০০০ টকা বিল অহা গ্ৰাহকৰ বিলে হঠাৎ ২০০০ৰ ঘৰ স্পৰ্শ কৰিছে । প্ৰিপেইড যোগে ৰিচাৰ্জ কৰি বিদ্যুতৰ সেৱা গ্ৰহণ কৰা গ্ৰাহকে ৰিচাৰ্জ কৰি কৰি ভাগৰি পৰিছে ।

বিদ্যুতৰ বিল বৃদ্ধি হোৱা প্ৰসংগত এপিডিচিএলে অদ্ভুত যুক্তি দিছে । এপিডিচিএলৰ জাননীত কোৱা হৈছে যে বিগত কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ'ব পাৰে যে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহবোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে ।

বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি
বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

তদুপৰি প্ৰতিবছৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে সাধাৰণতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে । এয়া এপিডিচিএলৰ কথা । কিন্তু তেওঁলোকৰ এই যুক্তিক মানি ল'ব পৰা একো ভিত্তি নাই । কিয়নো যি হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে সেই হাৰত বিদ্যুতৰ ব্যৱহাৰ বঢ়াৰ বাবেই বিদ্যুতৰ বিল বৃদ্ধি হ'ব পাৰে বুলি কোৱা কথাতো যুক্তিহীন আৰু এটা নিয়মমাফিক উত্তৰ । এপিডিচিএলে কৈছে ৰাজ্যত উৎকট গৰম (APDCL) । কিন্তু বতৰ বিজ্ঞানৰ তথ্যই কয় জুলাই মাহত বৰষুণৰ পৰিমাণেই বেছি আছিল ।

আগষ্টতো দুটামান দিন বাদ দি প্ৰায়েই বৰষুণ হৈ আছিল । তেনে ক্ষেত্ৰত এপিডিচিএলে চূড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈ অতি গোপনে দিছপুৰৰ সেউজ সংকেততে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে । ২৭ আগষ্টত এপিডিচিএলে প্ৰকাশ কৰা ফুৱেল এণ্ড পাৱাৰ পাৰছেচ প্ৰাইচ এডজাচমেন্ট চমুকৈ এফপিপিএ জৰিয়তে প্ৰতি ইউনিট বিদ্যুতৰ ৩০ পইচাকৈ আৰোপ কৰা হৈছিল (Fuel and power purchase price adjustment) ।

সকলো গ্ৰাহকৰ বাবে সেই অতিৰিক্ত ৩০ পইচা প্ৰতি ইউনিটৰ বাবদ আৰোপ কৰাৰ বাবে ইমান বিদ্যুৎ মাচুল বৃদ্ধি হোৱাতো সম্ভৱ নহয় । তেনেস্থলত কিহৰ বাবে বৃদ্ধি পাইছে অভাৱনীয় বিদ্যুৎ মাচুল । সেয়া এক ৰহস্যৰ বিষয় । ইফালে অত্যাধিক বিদ্যুৎ বিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে এ পি ডি চি এলে ইচ্ছাকৃতভাৱে প্ৰতিজন উপভোক্তালৈ অত্যাধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰা বুলি চৰ্চা চলি থকাৰ মাজতে বিষয়টো বিধানসভাৰ মজিয়াতো উত্থাপন হৈছে । ৰাজ্যজুৰি বিদ্যুৎ বিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে এক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এ পি ডি চি এলক এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.