ETV Bharat / state

Karbi peace accord 2021: প্ৰাক্তন বিদ্ৰোহীসকলক হিতাধিকাৰীৰূপে অন্তৰ্ভুক্ত কৰাৰ দাবী কেৰাফ’ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:50 AM IST

press meet by keruf on karbi peace accord 2021 in diphu
সংবাদমেল

কাৰ্বি শান্তি চুক্তি 2021 আৰু ইউপিডিএছৰ শান্তি চুক্তি 2011 সম্পূৰ্ণ নকৰাৰ ভাৰত আৰু অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ কেৰাফ’ ৷ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা কৃষি মহাবিদ্যালয়, পশুপালন মহাবিদ্যালয় আৰু ডিগ্ৰী কলেজৰ কাম আগনবঢ়াত আক্ষেপ প্ৰকাশ কৰে কেৰাফ’ই ৷

সংবাদ মেলযোগে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কেৰাফ’ই

ডিফু, 21 অক্টোবৰ: কাৰ্বি আংলং জিলাৰ প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ কেৰাফ’ই শুকুৰবাৰে ডিফুত এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলৰ জৰিয়তে কাৰ্বি শান্তি চুক্তি 2021 আৰু ইউপিডিএছৰ শান্তি চুক্তি 2011 সম্পূৰ্ণ নকৰাৰ বাবে ভাৰত আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে ৷ কেএলএনএফৰ প্ৰাক্তন প্ৰচাৰ সচিব ৰেজাক ডেৰাই এই সন্দৰ্ভত কয় যে, 2021 চনত সম্পন্ন হোৱা কাৰ্বি শান্তি চুক্তিয়ে দুটা বছৰ অতিক্ৰম কৰিলে যদিও এই চুক্তিৰ বহু দফা আজিও সম্পূৰ্ণ নহ’ল ৷

সংবাদমেলত সংগঠনটোৱে কয় যে, ভাৰত চৰকাৰে দুটা বছৰৰ ভিতৰত এই চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বহু প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল ৷ ইফালে কাৰ্বি আংলং জিলাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ এখন কৃষি মহাবিদ্যালয়, পশু পালন মহাবিদ্যালয় আৰু ডিগ্ৰী কলেজৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈকে এই তিনিখন প্ৰতিষ্ঠান স্থাপনৰ কামৰ অগ্ৰগতি নোহোৱাত তেওঁলোকে সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে ৷ অৱশ্যে তেওঁলোকে সৈনিক স্কুল স্থাপনৰ চৰকাৰৰ পদক্ষেপক আদৰণি জনায় ৷

সাংসদ হৰেণছিং বে'ক আগন্তুক সংসদৰ অধিৱেশনত এই বিষয়সমূহ উত্থাপন কৰিবলৈ আহ্বান জনায় কেৰাফ’ই ৷ লগতে প্ৰাক্তন বিদ্ৰোহী সংস্থাপনৰ ক্ষেত্ৰত প্ৰশ্ন তুলি সংগঠনটোৱে কয় যে, ভাৰত চৰকাৰে চাৰি লাখ টকা ফিক্সড ডেপজিট আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পঞ্চাছ হাজাৰ টকা প্ৰদান কৰোতেই সংস্থাপন সম্পূৰ্ণ হ'ল নেকি ৷ সংস্থাপনৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ শীঘ্ৰে প্ৰাক্তন বিদ্ৰোহীসকলৰ ক্ষেত্ৰত জলপানিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

বিভিন্ন বিভাগৰ অধীনত থকা আঁচনিবিলাকত হিতাধিকাৰীৰূপে প্ৰাক্তন বিদ্ৰোহীসকলক অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনায় কেৰাফ’ই ৷ অসম চৰকাৰে অসম আৰক্ষীত 5 হাজাৰ নিযুক্তিৰ যি বিজ্ঞাপন জাৰি কৰিছে তাত যোগ্যতা অনুসৰি প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সদস্য-সদস্যাসকলক অগ্ৰাধিকাৰ দিবলৈ দাবী জনায় ৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিত পাহাৰৰ প্ৰাক্তন বিদ্ৰোহীসকলক অন্তৰ্ভূক্ত কৰিবলৈও সংবাদমেলযোগে দাবী জনায় ৷

শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণকলৈ জিলাখনৰ বহুতো দল-সংগঠনে ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি এনে প্ৰচেষ্টাৰ পৰা দূৰত থাকিবলৈ সকিয়াই দিয়ে কেৰাফ’ই ৷

লগতে পঢ়ক : Israel Palestine war : ইজৰাইল-পেলেষ্টাইন যুদ্ধত অপহৃত শিশুৰ জৰুৰী মুক্তিৰ দাবী কৈলাশ সত্যৰ্থীসহ 29 গৰাকী ন'বেল বিজয়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.