ETV Bharat / state

BJP ST Morcha Executive Meeting: তুলিৰাম ৰংহাঙৰ অনুপস্থিতিত কাইলৈ বোকাজানত বিজেপিৰ জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Jan 17, 2023, 8:15 PM IST

BJP ST Morcha Executive Meeting
বিজেপিৰ জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সন্দৰ্ভত সংবাদমেল

বুধবাৰে বোকাজানত অনুষ্ঠিত হ’ব পূৱ কাৰ্বি আংলং বিজেপি জনজাতি মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (ST Morcha Executive meeting at Bokajan)৷ অনুষ্ঠানত উপস্থিত নাথাকিব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং ৷ পৰিৱৰ্তে তেওঁ থাকিব দিল্লীত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত ৷

বিজেপিৰ জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ সন্দৰ্ভত সংবাদমেল

ডিফু, ১৭ জানুৱাৰী : বুধবাৰে কাৰ্বি আংলঙৰ বোকাজানত অনুষ্ঠিত হ’ব পূৱ কাৰ্বি আংলং বিজেপি জনজাতি মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (ST Morcha Executive meeting at Bokajan)৷ বোকাজানৰ স্পৰ্টচ কমপ্লেক্সত(Bokajan Sports Complex) অনুষ্ঠিব হ’বলগীয়া কাৰ্যনিৰ্বাহক সভাখনৰ পূৰ্বে মঙলবাৰে বিয়লি কাৰ্বি আংলং বিজেপিৰ ডিফুস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ বিষয়ববীয়াই ৷

সংবাদমেলখনত ভাৰতীয় জনতা পাৰ্টি, অসমৰ জনজাতি মৰ্চাৰ সম্পাদক লংচিং টকবীয়ে (BJP ST Morcha Secretary Longsing Tokbi ) অংশগ্ৰহণ কৰি বুধবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় কাৰ্যনিৰ্বাহক সভাখনৰ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৷ জনজাতি মৰ্চাৰ সম্পাদকগৰাকীয়ে সদৰী কৰা অনুসৰি ১৮ জানুৱাৰীত বোকাজান স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হ’ব পূৱ কাৰ্বি আংলং বিজেপিৰ জনজাতি মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা (ST Morcha second executive meeting)৷

উক্ত সভাত পূব কাৰ্বি আংলং বিজেপিৰ জনজাতি মৰ্চাৰ কাৰ্যালয়ৰ সমূহ বিষয়ববীয়াৰ লগতে ১৭ টা মণ্ডলৰ সভাপতি আৰু সম্পাদকৰ লগতে অনান্য সদস্যসকলে অংশগ্ৰহণ কৰিব ৷ বোকাজান, সৰুপথাৰ আৰু বৰজান মণ্ডল কাৰ্যালয়ৰ সমূহ বিষয়ববীয়া উপস্থিত থকাৰ লগতে বাকী মণ্ডলসমূহৰ পৰা ছয়জনকৈ নেতা-কৰ্মী উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে লংচিং টকবীয়ে ৷

উক্ত সভাখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ(ST Morcha second executive meetingl) মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(KAAC CEM Tuliram Ronghang) মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ কথা আছিল যদিও দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে উপস্থিত থাকিব নোৱাৰিব ৷ বিপৰীতে তিনি পাৰ্বত্য জিলাৰ সাংসদ হৰেণছিং বে'ই(MP Horen Sing Bey) মুখ্য অতিথি হিছাবে উপস্থিত থাকিব বুলি জনায় লংছিং টকবীয়ে ৷

আনহাতে উক্ত সভাত অসম বিধান সভাৰ উপাধ্যক্ষৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সদৰী কৰে টকবীয়ে ৷ মঙলবাৰৰ সংবাদমেলত বিজেপি জনজাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক লংচিং টকবী, বিজেপিৰ পূৱ কাৰ্বি আংলং জনজাতি মৰ্চাৰ সভাপতি সুন্দৰচিং ক্ৰামছা, উপ-সভাপতিদ্বয় ডেনিয়েল ইংতি, ৰাংচিনা হাঞ্চে আৰু সম্পাদিকা দিপালী ইংতিপিও উপস্থিত থাকে ৷

লগতে পঢ়ক: BJP National Executive Meet: বিজেপি সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.