বোকাজানত পিষ্টলসহ যুৱক আটক

author img

By

Published : Dec 2, 2021, 12:23 PM IST

বোকাজানত পিষ্টলসহ যুৱক আটক

বুধবাৰে নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় মাৰণাস্ত্ৰসহ এজন যুৱক (one person with pistol caught in Bokajan) ৷ বোকাজান আৰক্ষীয়ে পিষ্টলসহ আটক কৰে আমু চেনা সিংহ নামৰ যুৱকজনক ৷

ডিফু, ২ ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্ত(illigale activities increases in Assam Nagaland Border)ত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ মাফিয়াৰ লগতে অস্ত্ৰ সৰবৰাহকাৰীৰ দৌৰাত্ম্য ৷ বুধবাৰে নিশা আৰক্ষীৰ অভিযানত আটক হয় অবৈধ মাৰণাস্ত্ৰসহ এজন যুৱক (one person with pistol caught in Bokajan) ৷

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা(Bokajan police station)ৰ আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, উপ পৰিদৰ্শক হাওকাম চাংচান, জিলা আৰক্ষী অধীক্ষক আৰজি কেম্পসহ এটা দলে বোকাজানৰ মাধৱপুৰৰ এটা ঘৰত অভিযান চলাই এটা .২২ পিষ্টল, এটা মেগজিন আৰু চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে বোকাজানৰ মাধৱপুৰৰ চুৰামণি সিংহৰ পুত্ৰ আমু চেনা সিং ওৰফে এবুংগক ৷ আটকাধীন যুৱকজনক ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে বোকাজান আৰক্ষীয়ে আমু চেনা সিংহক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: ডিগবৈত নিষিদ্ধ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.