খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

author img

By

Published : Oct 20, 2021, 8:26 AM IST

one-man-arrested-with-drugs-at-khotkhoti

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বোকাজান মহকুমা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ বোকাজান মহকুমা আৰক্ষীয়ে এই অভিযানসমূহত বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে মহকুমাটোৰ বিভিন্ন অঞ্চলৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে ।

ডিফু, 20 অক্টোবৰ : বোকাজান মহকুমা আৰক্ষীয়ে মঙলবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত লাহৰিজানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

খটখটী আৰক্ষীয়ে এখন নম্বৰ প্লেটবিহীন স্কুটিৰ পৰা তিনিটা চাবোনৰ বাকচত উদ্ধাৰ কৰে প্ৰায় 33.90 গ্ৰাম ড্ৰাগছ ।

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৌব্লিক ব্ৰহ্ম আৰু উপ পৰিদৰ্শক চৰণ মোহন চেতিয়াই অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে ৷

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য এক লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযাগত আৰক্ষীয়ে লাহৰিজান টিলাবস্তিৰ আজহাৰ আলীৰ পুত্ৰ আমিৰ আলীক ইতিমধ্যে আটক কৰিছে ৷

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন আমিৰ আলীৰ জেৰা অব্যাহত ৰাখিছে ।

one-man-arrested-with-drugs-at-khotkhoti
খটখটীত লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক এজন

লগতে পঢ়ক : আলট্ৰাচাউণ্ড মেচিন নহয়, নগাঁও চিভিলৰ পৰা চুৰি হ'ল কম্পিউটাৰৰ চি পি ইউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.