ETV Bharat / state

বোকাজানত ব্ৰাউন চুগাৰ সহ আটক এজন

author img

By

Published : Aug 13, 2020, 8:45 PM IST

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজানত নিষিদ্ধ ঘোষিত ব্ৰাউন চুগাৰ সহ আটক এজন সৰবৰাহকাৰী ।

One man arrested with Brown sugar drugs at Bokajan
One man arrested with Brown sugar drugs at Bokajan

ডিফু, 13 আগষ্ট : বোকাজানত আৰক্ষীৰ সফলতা ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মাৰাত্মক ব্ৰাউন চুগাৰ সহ আটক এজন সৰবৰাহকাৰী । বিগত কিছুদিন পূৰ্বে কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ পাচতেই পুনৰ বৃহস্পতিবাৰে খটখটী আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰী সহ জব্দ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ ৰাকেশ ছেত্ৰী বুলি জানিব পৰা গৈছে ।

বোকাজানত ব্ৰাউন চুগাৰ সহ আটক এজন

মণিপুৰৰ পৰা অসমলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল প্ৰায় 45 গ্ৰামৰ ব্ৰাউন চুগাৰ । বোকাজান চক্ৰ আৰক্ষী বিষয়া ভূপেন কলিতা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মব্লিক ব্ৰহ্মৰ নেতৃত্বত হোৱা এটা গোপন অভিযানত ধৰা পৰে সৰবৰাহকাৰীজন ।

ড্ৰাগছ খিনিৰ সৈতে ধৃত সৰবৰাহকাৰী টোক খটখটীৰ এটা পাৰ্কিংৰ পৰা আটক কৰে আৰক্ষীয়ে । ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা পৰ্যন্ত হ’ব বুলি অনুমান কৰা হৈছে ।

লগতে চাওক-ক’ভিড-19 ৰ বাবে বাতিল পেৰিছ মাৰাথন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.