ETV Bharat / state

ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক

author img

By

Published : Apr 30, 2021, 3:43 PM IST

linkman-and-dnla-cadre-arrested
লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক

ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ এজন লিংকমেন আৰু এজন ডিএনএলএ কেডাৰক আটক ৷ লিংকমেনজনৰ পৰা খাজা বন্দুক আৰু এটা কাৰ্টুছ উদ্ধাৰ আৰক্ষীৰ ৷

ডিফু, 30 এপ্ৰিল : নাগালেণ্ড সীমান্তৱৰ্তী এলেকা ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ এজন লিংকমেন আৰু এজন ডিএনএলএ কেডাৰক আটক কৰা হয় ৷ ঘটনাক লৈ এলেকাটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, ডিমাপুৰস্থিত অসম ৰাইফলছে সহস্ৰ উগ্ৰপন্থী ডিএনএলএৰ লেফটেনেণ্ট গ্ৰীকচন হোজাই ওৰফে এলবিন ওৰফে চলগৌৰি (26)ক আটক কৰি ডিমাপুৰ ইষ্ট থানাত চমজাই দিয়ে ৷

ধনশিৰিৰ লিংকমেন ধ্ৰুৱজ্যোতি মাইবংচা (36) ওৰফে ফুলচান্দৰ সৈতে থকা সঘনাই যোগাযোগ ৰখাৰ তথ্য আৰক্ষীৰ হাতত আহি পৰে ৷ ইয়াৰ পাচতে ডিমাপুৰ আৰক্ষীৰ পৰা গ্ৰীকচন ওৰফে এলবিন ওৰফে চলগৌৰিক নিজৰ জিম্মালৈ আনি ডিফু ন্যায়িক আদালতৰ পৰা 3 দিনৰ বাবে ৰিমাণ্ডলৈ লৈ যায় ৷

linkman-and-dnla-cadre-arrested
লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক

গ্ৰীকচনৰ স্বীকাৰোক্তিৰ ভিত্তিত ধনশিৰি আৰক্ষীয়ে ডিফু থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120 (খ)/326/302 আৰু আৰ ডব্লিউ ধাৰা 27 অস্ত্ৰ আইনৰ অধীনত বৃহস্পতিবাৰে পুৱাৰ ভাগত ধ্ৰুৱজ্যোতি মাইবংচা ওৰফে ফুলচান্দক নিজ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ধ্ৰুৱজ্যোতি মাইবংচা ওৰফে ফুলচান্দৰ কৱলৰ পৰা এটা খাজা বন্দুক আৰু এটা কাৰ্টুছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত গ্ৰীকচন ওৰফে এলবিন ওৰফে চলগৌৰি আৰু ধ্ৰুৱজ্যোতি ওৰফে ফুলচান্দে বিগত 27 জানুৱাৰীত ধনশিৰি বিচুডিমা উৎসৱস্থলীত সংঘটিত হোৱা অমিত নুনিছা আৰু এগৰাকী মহিলাৰ হত্যাকাণ্ডত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ শুকুৰবাৰে দুয়োকে ধনশিৰি আৰক্ষীয়ে ডিফু ন্যায়িক আদালতত হাজিৰ কৰে ৷

লগতে পঢ়ক : কলগাছিয়াত জব্দ অবৈধ কাঠ ফলা মিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.