আনুষ্ঠানিকভাৱে ভংগ হ’ল KPLT

author img

By

Published : Sep 19, 2021, 10:08 PM IST

KPLT

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এমাহৰ ভিতৰত বিপ্লৱী সংগঠন সমূহ ভংগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰ পিছত দেওবাৰে আনুষ্ঠানিকভাৱে ভংগ হ’ল কেপিএলটি ৷

ডিফু, ১৯ ছেপ্তেম্বৰ : যোৱা ৪ ছেপ্তেম্বৰত কাৰ্বি আংলঙৰ ছটাকৈ প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এমাহৰ ভিতৰত সংগঠন সমূহ ভংগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰ পিছত দেওবাৰে কেপিএলটিয়ে আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিছে ৷ সংগঠনটোৰ বকলীয়াঘাট আৰু কলঙাৰ শিৱিৰত সংগঠনটোৰ পতাকা সম্বৰণ কৰি সংগঠনটো ভংগ হোৱাৰ আনুষ্ঠানিকতা সম্পন্ন কৰে ৷

ইয়াৰ পূৰ্বে পূব কাৰ্বি আংলং জিলাৰ কেপিএলটিৰ বকলীয়াঘাট শিৱিৰৰ সাধাৰণ সম্পাদক ৱজাৰু হানজাং আৰু সহকাৰী সাধাৰণ সম্পাদক এছ ক্ৰনিহাঙে সংবাদমেল সম্বোধন কৰি সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে ৷ অনাগত সময়ত জিলাবাসীৰ মূলদাবী ২৪৪(ক) সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবঢ়া হ’ব বুলি মন্তব্য কৰে নেতাদ্বয়ে ৷

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কেপিএলটি মুঠ কেডাৰৰ সংখ্যা ২৮২ ৷ ২০১৬ চনত অস্ত্ৰ বিৰত ঘোষণা কৰি চৰকাৰৰ সৈতে শান্তি প্ৰক্ৰিয়া অব্যাহত ৰখা সংগঠনটোৰ হৈ বিগত সময়ছোৱাত ৭৩ গৰাকী নেতা তথা কেডাৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি সংগঠনটোৰটোৰ নেতা গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : NSCN(IM)ৰে আলোচনাত মিলিত হ'বলৈ ডিমাপুৰলৈ যাব ড° হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.