ETV Bharat / state

KAAC Budget Session 2023-24 : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 246 সংখ্যক বাজেট অধিৱেশন

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 5:18 PM IST

KAAC Budget Session 2023-24
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ

বুধবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 246 সংখ্যক বাজেট অধিৱেশন অনুষ্ঠিত হয় ৷ গঠন হ’ব পৰিষদৰ নিজাববীয়া আৰক্ষী বাহিনী ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত গঠন হ’ব আৰক্ষী বাহিনী

ডিফু, 8 নৱেম্বৰ : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাবে গঠন হ’ব পৰিষদৰ নিজাববীয়া আৰক্ষী বাহিনী ৷ বুধবাৰে পৰিষদৰ 246 সংখ্যক বাজেট অধিৱেশনত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত এখন বিধেয়ক উপস্থাপন কৰে ৷

অধিৱেশনৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰংহাঙে এই কথা সদৰী কৰি কয় যে, ষষ্ঠ অনুসূচীভূক্ত পৰিষদ গঠন হোৱাৰ সময়তে পৰিষদৰ সংবিধানত পেৰা-3, চাব পেৰা এফ (F) যোগে পৰিষদৰ এক্তিয়াৰৰ ভিতৰত থকা অঞ্চলৰ নগৰ আৰু গাওঁ সমূহৰ বাবে (গাওঁ উন্নয়ন পৰিষদ)ৰ বাবে পৰিষদৰ নিজাববীয়া আৰক্ষী বাহিনী গঠনৰ ক্ষমতা অৰ্পণ কৰা হৈছে ৷ কিন্তু এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ৷ শেহতীয়া পৰিষদৰ কাৰ্যবাহী সভাত এক সিদ্ধান্ত গ্ৰহণ কৰি পৰিষদত বিধেয়ক উত্থাপনৰ সিদ্ধান্ত লোৱা হয় ৷ সেই সিদ্ধান্ত মৰ্মে বুধবাৰে পৰিষদৰ অধিৱেশনত বিধেয়ক উত্থাপন কৰা হয় আৰু পৰিষদৰ 247 সংখ্যক অধিৱেশনত এই বিধেয়ক গৃহীত কৰা হ’ব বুলি ৰংহাঙে প্ৰকাশ কৰে ৷

উল্লেখ্য যে এই আৰক্ষী বাহিনীত প্ৰথম পৰ্যায়ত দুশ নিযুক্তি প্ৰদান কৰা হ’ব ৷ এই বাহিনীত পৰিদৰ্শক, উপ-পৰিদৰ্শ সহ চিপাহী থাকিব ৷ পৰিষদৰ প্ৰশাসনীয় এলেকা বহুত ডাঙৰ বুলি উল্লেখ কৰি ৰংহাঙে কয় যে সীমা সমস্যা, অনুপ্ৰৱেশৰ সমস্যা, কৰ-কাটল সংগ্ৰহৰ সমস্যা, খনিজাত সামগ্ৰীৰ খনি সমূহৰ সুৰক্ষা আদি সমাধানৰ বাবে পৰিষদক নিজাববীয়া এনে এটা বাহিনীৰ প্ৰয়োজন হৈছে ৷ আনহাতে এই বাহিনীক অসম চৰকাৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বন্দুক-বাৰুদ যোগান ধৰাৰ মৌখিক প্ৰতিশ্ৰুতি লাভ কৰাৰ কথাও সদৰি কৰে ৰংহাঙে ৷

এই পদক্ষেপক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এক ঐতিহাসিক পদক্ষেপ আখ্যা দিয়ে ৰংহাঙে ৷ তদুপৰি তাৰালাংচৰ সাংস্কৃতিক প্ৰকল্পত বিভিন্ন উন্নয়নমূলক কামৰ ঠিকাদাৰৰ বিল পাবৰ বাবে অধিৱেশনত ছাপলিমেন্ট্ৰি বিধেয়কৰ দাবী উত্থাপন কৰা হৈছে ৷ আনহাতে কাৰ্বি আংলঙৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা সদ্য প্ৰয়াত বৰচিম ৰংপি, যোগেন্দ্ৰ সিং আৰু প্ৰাণ কুমাৰ দত্তৰ মৃত্যুত পৰিয়াললৈ পৰিষদৰ পৰা শোকবাৰ্তা প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : BJP Meeting in Tinsukia : ধলাত বিজেপিৰ বৃহৎ কৰ্মী সভা, নৱেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.