ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ দেহাৱসান

author img

By

Published : Jul 8, 2021, 9:57 AM IST

robinson kro died
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ দেহাৱসান

৫৯ বছৰ বয়সত মৃত্যু হয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) প্রাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ । জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শােকৰ ছাঁ পৰে ।

ডিফু, 8 জুলাই : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) প্রাক্তন সদস্য ৰবিনচন ক্ৰ'ৰ যােৱানিশা ৫৯ বছৰ বয়সত মৃত্যু হয় । আঞ্চলিকতাবাদী আন্দোলনৰ অন্যতম আপােচবিহীন নেতা হিচাপে পৰিচিত ৰবিনচন ক্র'ই (Robinson Kro) লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা দুবাৰকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ নির্বাচিত হৈছিল । যােৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা নেতাগৰাকীয়ে ডিমাপুৰৰ ৰেফাৰেল চিকিৎসালয়ত(Referral Hospital) চিকিৎসাধীন হৈ থকা অবস্থাতে নিশা প্রায় দুইমান বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

এগৰাকী বিশিষ্ট সমাজসেৱক হিচাপেও সুকীয়া পৰিচয় থকা ক্র’ৱে ডিফু নগৰৰ যিকোনাে লােকৰে বিপদৰ সময়ত বা আৰ্তজনৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াইছিল । যাৰবাবে নগৰখনৰ জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলােৱে নেতাগৰাকীক ৰাইজৰ বন্ধু হিচাপে আখ্যা দিছিল । আঞ্চলিকতাবাদী শিৱিৰৰ অন্যতম ধ্বজাবাহক ৰবীনচন ক্ৰ'ৱে দলৰ অতি সংকটৰ সময়তাে ৰাজনীতিগত আদৰ্শত কোনােধৰণে আপােচ নকৰি আঞ্চলিকতাবাদী ৰাজনীতিৰ প্রতি বিশ্বাস আৰু নিষ্ঠা অটুট ৰাখিছিল ।

পুৱাৰ ভাগতে জনপ্রিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র জিলাখনতে গভীৰ শােকৰ ছাঁ পৰে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদেও বুধবাৰে প্রয়াত নেতাগৰাকীলৈ সন্মান জনাই পৰিষদৰ কার্যালয় অৰ্ধছুটী ঘােষণা কৰে । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে (CEM Tuliram Ronghang) নেতাগৰাকীৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰাৰ লগতে তেখেতৰ বাসগৃহত উপস্থিত হৈ প্রয়াত নেতাগৰাকীক শেষ শ্রদ্ধা জ্ঞাপন কৰে ।

ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং(MLA Bidya Sing Engleng), হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙৰ (MLA Dorsing Ronghang) লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্যয়েও প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে । আনহাতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিনেও নেতাগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰে । ইয়াৰ উপৰিও এএছডিচি, চিপিআই (এমএল), ডিফু ক্লাব, কাৰ্বি আংলং জিলা সাহিত্য সভা, কাৰ্বি আংলং জিলা লেখিকা সমাৰােহ সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে ৰবিনচন ক্র’ৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে ।

লগতে পঢ়ক: ড্ৰাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত বহিল প্ৰাক্তন মন্ত্ৰী অকন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.