ETV Bharat / state

কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

author img

By

Published : Jun 6, 2021, 7:59 AM IST

irbn-youth-missing-from-karbi-langpi-hydro-project
কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিখোজ

কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্প(Karbi Langpi Hydro Electric Project)ত কৰ্মৰত এজন জোৱান বিগত দুদিন ধৰি অস্ত্ৰসহ নিৰুদ্দেশ হৈ আছে ৷ নিখোজ জোৱানজন ১৬ আই আৰ বি এন(IRBN)ৰ ঋতু বৰা বুলি জানিব পৰা গৈছে ৷

ডিফু,6 জুন: কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলং জিলাত ৷ বিগত দুদিন ধৰি অস্ত্ৰসহ নিৰুদ্দেশ হৈ আছে জোৱানজন ৷ প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প(Karbi Langpi Hydro Electric Project)ত কৰ্মৰত হৈ আছিল জোৱানজন ৷ জোৱানজন ১৬ আই আৰ বি এন(IRBN)ৰ ঋতু বৰা বুলি জানিব পৰা গৈছে ৷

কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্পত কৰ্মৰত জোৱান নিৰুদ্দেশ

উল্লেখ্য যে, জোৱানজনৰ লগত এটা ইনচাজ ৰাইফল(INSAS rifle) আৰু কেইবাজাঁই সজীৱ গুলী আছিল ৷ এতিয়ালৈ ৰাইফলটোৰো কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে । শুকুৰবাৰে নিশা কৰ্তব্যত নিয়োজিত হৈ থকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে ঋতু বৰা নামৰ জোৱানজন । জিলা আৰক্ষী অধীক্ষক আজাগৌৰান বসুমতাৰীৰ নেতৃত্বত এটি আৰক্ষীৰ দলে জোৱানজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : ইটিভিয়ে ফাদিল কৰা ভিডিঅ'ক লৈ প্ৰদেশ কংগ্ৰেছত ধুমুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.