ETV Bharat / state

International Conference Of Karbis: ডিফুত কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

author img

By

Published : Jul 28, 2023, 9:30 AM IST

Etv BharatInternational Conference On Oral Tradition Of Karbis Begins
কাজিৰ ৰংহাপী সোঁৱৰণী কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

বৃহস্পতিবাৰৰ পৰা ডিফুত আৰম্ভ হ’ল কাজিৰ ৰংহাপী সোঁৱৰণী কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷

কাজিৰ ৰংহাপী সোঁৱৰণী কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলন

ডিফু, ২৮ জুলাই : কাজিৰ ৰংহাপী সোঁৱৰণী কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আজি দ্বিতায়টো দিন ৷ গঁড় ৰমণী হিচাপে খ্যাত কাজিৰ ৰংহাপীৰ সোঁৱৰণত কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ডিফু আৰব'ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰত সভাকক্ষত আৰম্ভ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মিলন ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সহযোগত ডিফুৰ আৰ'ৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সন্মিলন কক্ষত ২৭, ২৮ আৰু ২৯ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বিসকলৰ মৌখিক পৰম্পৰা সন্দৰ্ভত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত কাৰ্বি কুৰুচাৰ (পুৰহিত)ৰ মন্ত্ৰ উচ্চাৰণেৰে শুভাৰম্ভ হ'ল এই সন্মিলনৰ কাম-কাজ । মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শুভাৰম্ভ কৰে আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন ।

চেন্টাৰ ফ'ৰ কাৰ্বি ষ্টাডিজৰ সঞ্চালক ড৹ ধৰমছিং টেৰণে আদৰণি ভাষণ প্ৰদান কৰে । কাৰ্বিসকলৰ কৃষ্টি সংস্কৃতিৰ মৌখিক পৰম্পৰাৰ সন্মিলনখনত পৰিষদৰ কলা সংস্কৃতিক বিভাগৰ বিভাগীয় ভাৰপ্ৰাপ্ত ই এম সূৰ্য ৰংফাৰ পৰিষদৰ এমএচি, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ফেকাল্টি বিভিন্ন দল সংগঠনৰ নেতা-কৰ্মীসকলো উপস্থিত থাকে ৷

জানিব পৰা মতে, এই সন্মিলনখলনিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ গৱেষক আৰু পণ্ডিতকে ধৰি ৫৪ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কাজিৰ ৰংহাংপিৰ অস্তিত্ব আৰু আনুষংগিক বিভিন্ন বিষয়ৰ ওপৰত পোহৰ পেলোৱাৰ বাবে গৱেষণা পত্ৰ দাখিল কৰিব ।

ইফালে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাজিৰঙাৰ উৎপত্তি আৰু কিংবদন্তি ৰমণী কাজিৰ ৰংহাপীৰ তাৎপৰ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে । এই সন্মিলনখনিক লৈ যথেষ্ট আশাবাদী আয়োজকসকল ৷

লগতে পঢ়ক : Protest against price hike : আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিলাপথাৰত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.