ETV Bharat / state

Heroin seized: ১০ লক্ষাধিক নগদ ধনসহ হেৰ’ইন জব্দ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:57 PM IST

Heroin seized
১০ লক্ষাধিক নগদ ধনসহ হেৰ’ইন জব্দ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ খটখটী থানা এলেকাৰ লাহৰিজানত অভিযান চলাই দুগৰাকী মহিলাৰ পৰা প্ৰায় ৮৩'৩১ গ্ৰাম হেৰ'ইন আৰু নগদ দহ লাখ তিয়াল্লিছ হাজাৰ টকা উদ্ধাৰ কৰে ৷

১০ লক্ষাধিক নগদ ধনসহ হেৰ’ইন জব্দ

ডিফু, ২৮ আগষ্ট: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ ইয়াৰ সমান্তৰালকে কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক সফল অভিযান অব্যাহত আছে ৷ ড্ৰাগছ সৰবৰাহকীৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰিও সীমান্তত নিয়োজিত আৰক্ষীৰ শেন দৃষ্টিৰ পৰা ৰক্ষা পৰা নাই ৷

সোমবাৰে সন্ধিয়া পুনৰ খটখটী থানা অঞ্চলত উদ্ধাৰ হৈছে বুজন পৰিমানৰ হেৰ’ইন আৰু নগদ ধন ৷ প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ এএছপি(নিৰাপত্তা) জন দাসৰ নেতৃত্বত আৰু খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ আৰু থানা ষ্টাফৰ সহযোগত খটখটী থানা এলেকাৰ লাহৰিজানত অভিযান চলাই দুগৰাকী মহিলাৰ পৰা প্ৰায় ৮৩'৩১ গ্ৰাম হেৰ'ইন আৰু নগদ দহ লাখ তিয়াল্লিছ হাজাৰ টকা উদ্ধাৰ কৰে ৷

জব্দকৃত হেৰ'ইন আৰু নগদ ধনখিনিৰ সৈতে জড়িত দুই মহিলা সৰবৰাহকাৰী ক্ৰমে মৰিগাওঁ জিলাৰ হাচিনা বেগম আৰু তছলিমা বেগমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ দুয়োগৰাকী মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে এনডিপিএছ এক্টত গোছৰ ৰুজু কৰিছে ৷ সম্প্ৰতি ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

ইয়াৰোপৰি শেহতীয়াকৈ, মঙলবাৰে অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এইবাৰ মাছ বেপাৰীৰ ৰূপত আৰক্ষীৰ জালত পৰে এটা হেৰ’ইন সৰবৰাহকাৰী ৷ কাৰ্বি আংলং জিলাৰ এএছপি (পি) জন দাসে এক গোপন তথ্যৰ পম খেদি খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমেন বৰদলৈৰ নেতৃত্বত এছ (পি) স্বমধন স্বৰ্গীয়াৰী, থানা ষ্টাফ আৰু চিআৰপিএফৰ চি 20 বেটেলিয়নৰ সহযোগত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত এক বিশেষ নাকা তালাচী চলাই আটক কৰে সৰবৰাহকাৰীটোক ৷

ডিমাপুৰৰ দিশৰ পৰা চাইকেলেৰে আহি থকা এজন মাছ বেপাৰীক তালাচী চলাই বেপাৰীজনৰ বেগৰ পৰা এটা প্লাষ্টিকৰ চাবোনৰ বাকচৰ পৰা 12.90 গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে ৷ লগতে আৰক্ষীয়ে নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত মেলেকা ধিঙৰ ছুলেমান আলী (৩০)ক আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: Heroin seized: মাছ বেপাৰীৰ ৰূপত হেৰ’ইন সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.