ETV Bharat / state

বোকাজানত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৭.৫ কিল’গ্ৰাম গাঞ্জা

author img

By

Published : Jun 5, 2021, 8:10 AM IST

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানত ৰে’ল আৰক্ষী(RPF Bokajan)ৰ অভিযানত ৭.৫ কিল’গ্ৰাম গাঞ্জা(ganja seized) জব্দ ৷ এটা পৰিত্যক্ত বেগৰ পৰা তিনিটা পেকেটত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে গাঞ্জাখিনি ৷ জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

বোকাজানত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৭.৫ কি:গ্ৰা: গাঞ্জা
বোকাজানত ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ৭.৫ কি:গ্ৰা: গাঞ্জা

ডিফু,5 জুন: আৰক্ষীৰ শেনচকু এতিয়া নিচাজাতীয় সামগ্ৰীৰ ওপৰত ৷ প্ৰত্যেক দিনা অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ, গাঞ্জা তথা নিচাজাতীয় সামগ্ৰী ৷ শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানত ৰে’ল আৰক্ষী(RPF Bokajan) ৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷

জানিব পৰা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩৫ বজাত উজনিমুৱা ৰঙিয়া-ডিব্ৰুগড় ৰে’লত ৰে’ল আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এটা পৰিত্যক্ত বেগৰ পৰা তিনিটা পেকেটত প্ৰায় ৭.৫ কিল’গ্ৰাম গাঞ্জা উদ্ধাৰ(ganja seized) কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা ৷

পৰৱৰ্তী সময়ত জব্দ কৃত নিচাজাতীয় সামগ্ৰীখিনি ৰে’ল আৰক্ষীয়ে বোকাজান আৰক্ষী(Bokajan police)ক চমজাই দিয়ে ৷ জব্দ হোৱা এই গাঞ্জাখিনি কোনে, কেনেকৈ সৰবৰাহৰ চেষ্টা চলাইছিল সেই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.