ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সভাত বিৰিয়ানী খাই বিষক্ৰিয়া ডিফুৰ শতাধিক লোকৰ

author img

By

Published : Feb 3, 2021, 10:58 AM IST

Updated : Feb 3, 2021, 11:57 AM IST

মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহা শতাধিক লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে ৷ ইয়াকে লৈ এতিয়া সমগ্ৰ কাৰ্বি আংলঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

food-poisoning-at-diphu
মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত বিৰিয়ানী খাই বিষক্ৰিয়াত আক্ৰান্ত ডিফুৰ শতাধিক লোক

ডিফু,3ফেব্ৰুৱাৰী: মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহা শতাধিক লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে ৷ ইয়াকে লৈ এতিয়া সমগ্ৰ কাৰ্বি আংলঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে,মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পিছতে আয়োজকে বিতৰণ কৰা পেকেট বিৰিয়ানী খাই অসুস্থ হৈ পৰে শতাধিক লোক ৷ ইপিনে,ৰোগী সকলে ঘনাই বমি আৰু শৌচ কৰাৰ লগতে তীব্ৰ পেটৰ বিষত আক্ৰান্ত হোৱা দেখা যায় ৷ যাৰ পৰিপ্ৰেক্ষিতত নিশাই চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰৰ নেতৃত্বত চিকিৎসা কৰ্মীসকলে অতি তৎপৰতাৰে ৰোগী সকলক চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হয় ৷

মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত বিৰিয়ানী খাই বিষক্ৰিয়াত আক্ৰান্ত ডিফুৰ শতাধিক লোক

তদুপৰি চিকিৎসা মহাবিদ্যালয়খনত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাও উপস্থিত হৈ ৰোগী সকলৰ বুজ লয় ৷ জিলা উপায়ুক্তই জানিবলৈ দিয়া মতে,প্ৰায় শতাধিক ৰোগী এই বিষ ক্ৰিয়াত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত কুৰিৰো অধিক শিশু ৰোগী আছে ৷ আনহাতে,কোনে এই বিষাক্ত খাদ্য পৰিবেশন কৰিছিল জানিব পৰা হোৱা নাই যদিও উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব বুলি অৱগত কৰিছে ৷

লগতে পঢ়কঃবাজেটত প্ৰতিৰক্ষা আৱণ্টনৰ সামান্য বৃদ্ধি

Last Updated : Feb 3, 2021, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.