ETV Bharat / state

মাঞ্জা আৰক্ষীৰ জালত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছসহ তিনি যুৱক

author img

By

Published : Sep 25, 2020, 2:24 PM IST

মাঞ্জা আৰক্ষী
মাঞ্জা আৰক্ষী

বিশেষ তথ্যৰ ভিত্তিত শুকুৰবাৰে পুৱা ডিমাপুৰ-মাঞ্জা পথত আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ডিফু, 25 চেপ্তেম্বৰ: শুকুৰবাৰে পুৱা ডিমাপুৰ-মাঞ্জা পথত কাৰ্বি আংলং আৰক্ষী জালত পৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুজন মণিপুৰী যুৱক ৷ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই জানিবলৈ দিয়া অনুসৰি, বিশেষ তথ্যৰ ভিত্তিত উপ-আৰক্ষী অধীক্ষক গৰাকীৰ লগতে মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা নেতৃত্বৰ এটা দলে শুকুৰবাৰে পুৱা প্ৰায় ৫.৩০ বজাত মাঞ্জা আৰক্ষী তালাচী চকীত লোৱা নিয়মীয়া তালাচীত নিষিদ্ধ ড্ৰাগছসমূহ জব্দ কৰে ৷ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী AS-01 KC-1384 নম্বৰৰ ট্ৰাক এখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে আপত্তিজনক সামগ্ৰী সমূহ ৷

মাঞ্জা আৰক্ষীৰ জালত প্ৰায় ৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছসহ তিনি যুৱক

ট্ৰাক খনত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ২০০ টা য়াবা টেবলেটসহ ৭৫ টা সৰু প্লাষ্টিকৰ পেকেটৰ প্ৰতিটো পেকেটতে ১৩/১৫ গ্ৰামকৈ ব্ৰাউন চুগাৰ, হেৰ'ইনসহ অন্য ৬৮ টা পেকেট ৷ জব্দকৃত ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 5 কোটি হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি জব্দকৃত ড্ৰাগছসহ আটকাধীন যুৱক কেইজন মণিপুৰৰ মহম্মদ ছয়িদ আৰু মহম্মদ চানিফ খান বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ লগত জড়িত গাড়ীখনৰ চালক মণিপুৰৰ চাগিৰ খান (২২)কো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাঞ্জা থানাত ৩৪/২০২০ নম্বৰত এক গোছৰ ৰুজু কৰে ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি যুৱক কেইজনৰ সৈতে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ অভিযোগত 7 জন লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.