ETV Bharat / state

Dengue and eye flu disease in Diphu:ডিফুত ডেংগু আৰু চকু ৰঙা পৰা ৰোগৰ ভয়াৱহ ৰূপ

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 5:40 PM IST

ডিফুত ভয়াৱহৰূপ ধাৰণ কৰিছে ডেংগু আৰু চকু ৰঙা পৰা ৰোগে ৷ স্বাস্থ্য বিভাগ আৰু ডিফু পৌৰ সভাই এতিয়া ঘৰে ঘৰে চলাইছে অভিযান ৷

dengue and eye flu disease rapidly increasing in Diphu
ডিফুত ডেংগু আৰু চকু ৰঙা পৰা ৰোগৰ ভয়াৱহ ৰূপ

ডিফুত ডেংগু আৰু চকু ৰঙা পৰা ৰোগৰ ভয়াৱহ ৰূপ

ডিফু, ২৪ আগষ্ট : ডিফুত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ডেংগু আৰু চকু ৰঙা পোৰা ৰোগ ৷ দুয়োটা ৰোগেই ভয়াৱহ ৰূপ লোৱাৰ সময়তে ডিফু পৌৰ আৰু স্বাস্থ্য বিভাগে চলাইছে ঘৰে ঘৰে অভিযান ৷ চকু ৰঙা পৰা ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে পৰিষদৰ অধীনস্থ ডিফুৰ সকলো চৰকাৰী-বেচৰকৰী বিদ্যালয় বন্ধ কৰি দিছে ৷ ২৩ আগষ্ট ২০২৩ ৰ পৰা প্ৰযোজ্য হোৱাকৈ ২৭ আগষ্ট ২০২৩ লৈকে বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ ৷

আনহাতে ভয়াৱহভাৱে বৃদ্ধি পাই অহা ডেংগুৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন হৈ পৰিছে জিলা স্বাস্থ্য বিভাগ ৷ এক তথ্য অনুসৰি বুধবাৰেও ডিফুত ৮০ গৰাকী ৰোগীৰ দেহত ডেংগু পজিটিভ পোৱা গৈছে ৷ ইয়াকে লৈ ডিফুত ডেংগু জ্বৰত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৩,৩৩২ গৰাকী ৷ ইতিমধ্যে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি ৪ গৰাকী লোকৰ মৃত্যু হৈছে ৷ কিন্তু এই হিচাবত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱা আৰু মৃত ৰোগীৰ তথ্য নাই ৷

ইফালে বৃহস্পতিবাৰৰ পৰা স্বাস্থ্য বিভাগ আৰু ডিফু পৌৰসভাৰ দলে ঘৰে ঘৰে চলাইছে অভিযান৷ সেই অনুসৰি পৌৰ সভাৰ ১নং ৱাৰ্ডৰ ছাৰথে কলনিত পুৱাৰে পৰা ঘৰৰ চৌহদত মহৰ উৎস বিচাৰি আৰম্ভ কৰে এক অভিযান৷ অভিযানকালত অভিযানকাৰী দলটোৱে কলনিটোৰ ৫ টা পৰিয়ালৰ গৃহত ধ্বংস কৰিছে ডেংগু মহৰ উৎসস্থলী৷ লগতে কলনিটোৰ নলা, বাট পথৰ ঘাঁহনিত মহ নাশক পনীয়া ঔষধ স্প্ৰে কৰা হয় ৷

ইফালে ডেংগু মহৰ উৎসস্থলী প্ৰত্যক্ষ কৰা পৰিয়াল কেইটাক সৰ্তকতাৰ বাবে জাৰি কৰিছে একোখনকৈ জাননী ৷ জাননী জাৰিৰ পাচতো যদি মহৰ উৎসস্থলী প্ৰত্যক্ষ কৰা হয় তেওঁলোকৰ বিৰুদ্ধে ৫০০- ৫,০০০টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলি অভিযানকাৰী দলটোৰ ন'ডেল বিষয়া ডাঃ এছ ছিংনাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ কিন্তু এনে অভিযানৰ মাজতেই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে কলনিবাসীৰ গুৰুতৰ অভিযোগ৷ অনুৰোধ কৰিলেও কলনিৰ ভিতৰত ধোঁৱা দিবলৈ স্বাস্থ্য বিভাগৰ দল নোযোৱাৰ অভিযোগ কৰিছে কলনিবাসীয়ে ৷ ইফালে ডেংগু প্ৰতিৰোধৰ বাবে লাখ লাখ টকাৰ আঠুৱা, মহৰ পৰা পৰিত্ৰাণ পোৱা অডমছ ক্ৰীম আদি বিতৰণ কৰা বুলি প্ৰকাশ কৰি আহিছে স্বাস্থ্য বিভাগে ৷ কিন্তু সেয়া ১নং ৱাৰ্ডৰ ছাৰথে কলনিবাসীয়ে বৰ্তমানলৈকে নাই পোৱা বুলিও উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷

লগতে পঢ়ক : Clean up campaign: ডিফুত ডেংগু খেদিবলৈ ঝাড়ুলৈ ওলাল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.