ETV Bharat / state

Karbi peace accord ৰ বিৰুদ্ধে ডিফুত প্ৰতিবাদ

author img

By

Published : Sep 5, 2021, 8:40 PM IST

Updated : Sep 5, 2021, 9:19 PM IST

COPY OF karbi PEACE ACCORD burnt in diphu
Karbi peace accord ৰ প্ৰতিলিপি কিয় দাহ কৰা ডিফুত ?

ছয় উগ্ৰপন্থী সংগঠনৰে হোৱা কাৰ্বি শান্তি চুক্তিৰ ব্যাপক প্ৰতিক্ৰিয়া পাহাৰীয়া জিলাখনত ৷ স্বাক্ষৰিত শান্তি চুক্তিৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ ডিফুত ৷

ডিফু, ৫ ছেপ্তেম্বৰ : শনিবাৰে দিল্লীত স্বাক্ষৰিত কাৰ্বি বিদ্ৰোহী সংগঠনৰে হোৱা ত্ৰিপাক্ষিক শান্তি চুক্তিকলৈ জিলাখনত সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জিলাখনৰ বিভিন্ন সামাজিক আৰু ছাত্ৰ সংগঠনে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও এইলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ "24+ অৰ্গেনাইজেছন" নামৰ এক উমৈহতীয়া মঞ্চই ৷ পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ ছেমছনছিং সোঁৱৰণী উদ্যানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে '24+ অৰ্গেনাইজেছন' নামৰ উমৈহতীয়া মঞ্চটোৱে ৷

copy-of-karbi-peace-accord-burnt-in-diphu
কাৰ্বি শান্তি চুক্তিৰ ব্যাপক প্ৰতিক্ৰিয়া ডিফুত

সংগঠনটোৰ সদস্য সকলে "টীম কাৰ্বি আংলং গ' বেক, ন' অট'নমাছ ষ্টেট ন ৰেষ্ট, ন' ছেপাৰেট ইলেক্টৰেল ৰোল ন' ৰেষ্ট, শান্তি চুক্তি ডাউন ডাউন" আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা "24+ অৰ্গেনাইজেছন"ৰ আহ্বায়ক ত্ৰয় ক্ৰমে, লিটছন ৰংফাৰ, ৰতন তেৰাঙ আৰু অবিনাশ ৰংহাঙে সাংবাদিকৰে সৈতে বাৰ্তালপত কাৰ্বি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনৰে সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তিকলৈ তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰে ৷

শান্তি চুক্তি খনত পৰিষদৰ বাবে মুকলি ১০ খন আসন সংৰক্ষিত কৰি ৰখা বিষয়টোৱে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ 2(7)ক উলংঘন কৰিছে বুলিও তেওঁলোকে আক্ষেপ কৰে ৷ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি স্বায়ত্ত শাসিত পৰিষদৰ পৰিষদীয় সদস্যৰ আসন সমূহ কেৱল জনজাতি লোক সকলৰ বাবেই সংৰক্ষিত হ’ব লাগে অইন সম্প্ৰদায়ৰ বাবে নহয় ৷ ষষ্ঠ অনুসূচীৰ এই সুবিধা ১৯৫১ চনৰ পৰা আজিলৈকে কোনোৱে ৰূপায়ণ কৰা নাই ৷

Karbi peace accord ৰ বিৰুদ্ধে ডিফুত প্ৰতিবাদ

পৰিষদৰ বাবে মুকলি আসন সংৰক্ষণক ঐতিহাসিক আখ্যা দিয়া পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মন্তব্যকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সংগঠন কেইটাৰ শীৰ্ষ নেতৃবৰ্গই ৷ আনহাতে, শান্তি চুক্তিখনত জিলাখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণ সুবিধা সন্নিৱিষ্ট নথকাকলৈ আশ্চৰ্য প্ৰকাশ কৰে সংগঠনটোৰ আহ্বায়ক অবিনাশ ৰংহাঙে ৷ শান্তি চুক্তিৰ পৰা পৰিষদীয় সদস্য আসনৰ ক্ষেত্ৰত মুকলি আসন সংৰক্ষণৰ ব্যৱস্থা বিলুপ্ত নকৰিলে "24+ সংগঠনে" গণতান্ত্ৰিকভাৱে আন্দোলন চলাই নিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই ৷

লগতে পঢ়ক : AJP ৰ আহ্বানত গুৱাহাটীলৈ আহিব মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন

Last Updated :Sep 5, 2021, 9:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.