ETV Bharat / state

হাওৰাঘাটত গ্ৰাহকক ম্যাদ ওকলা ঔষধ বিক্ৰীৰ অভিযোগ

author img

By

Published : Jun 12, 2021, 10:49 AM IST

Chemist selling expired drugs at Karbi Anglong
হাওৰাঘাটত গ্ৰাহকক ম্যাদ ওকলা ঔষধ বিক্ৰী

হাওৰাঘাটত চৰকাৰী চিকিৎসালয়ৰ চৌহদত থকা ৰুক্মিণী মেডিকেল হল নামৰ ফাৰ্মাচীখনে খগেন বসুমতাৰী নামৰ যুৱকজনক ম্যাদ ওকলা ঔষধ বিক্ৰী কৰিছিল ৷ ম্যাদ ওকলা ঔষধ সেৱন কৰি এতিয়া শাৰীৰিক অসুস্থতাত ভুগিছে খগেন বসুমতাৰীয়ে ।

ডিফু, 12 জুন : কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত গ্ৰাহকক ম্যাদ ওকলা ঔষধ (expired drugs) বিক্ৰী কৰি চৰ্চালৈ আহিছে এখন ব্যক্তিগত ফাৰ্মাচী ৷ হাওৰাঘাট চৰকাৰী চিকিৎসালয়ৰ চৌহদত ভিতৰত থকা নৱজ্যোতি কোঁৱৰ নামৰ ব্যক্তিজনৰ মালিকাধীন "ৰুক্মিণী মেডিকেল হল" নামৰ ফাৰ্মাচীখনে ম্যাদ ওকলা ঔষধ (expired drugs) বিক্ৰী কৰি গ্ৰাহকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ ফাৰ্মাচীখনৰ এগৰাকী কৰ্মচাৰীয়ে হাওৰাঘাট অঞ্চলৰ ২ নং কালাই গাঁৱৰ খগেন বসুমতাৰী নামৰ যুৱকজনক দিছিল এই ম্যাদ ওকলা ঔষধ ৷

হাওৰাঘাটত গ্ৰাহকক ম্যাদ ওকলা ঔষধ বিক্ৰী ফাৰ্মাচীৰ

ম্যাদ ওকলা ঔষধ সেৱন কৰি এতিয়া শাৰীৰিক অসুস্থতাত ভুগিছে খগেন বসুমতাৰী নামৰ লোকজনে । মানুহৰ জীৱনক লৈ হেতালি খেলা এইসকল ভূৱা ফাৰ্মাচিষ্ট (Pharmacists)ক কোনে নাকী লগাব ? প্ৰশ্ন উত্থাপন হৈছে যে কিদৰে চৰকাৰী চিকিৎসালয়ৰ প্ৰাংগণত এখন ব্যক্তিগত ঔষধালয় স্থাপন কৰা হৈছে ৷ এই বিষয়ত হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বৰ্তমান ভুক্তভোগী যুৱকজনক হাওৰাঘাটৰ পৰা নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.