ETV Bharat / state

Karbi Anglong Autonomous Council: কাৰ্বি আংলঙৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ বাহন

author img

By

Published : Oct 20, 2022, 5:07 PM IST

Karbi Anglong
Karbi Anglong

কাৰ্বি আংলঙৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ আনুষ্ঠানিকভাৱে বলেৰ' বাহন বিতৰণ (Bolerao car to Karbi Anglong Education Officer) । বাহনকেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ।

ডিফু, ২০ অক্টোবৰ : অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত গুণগত শিক্ষাৰ প্ৰসাৰ কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে গ্ৰহণ কৰিলে আন এক প্ৰশংসনীয় পদক্ষেপ (Education Department of Karbi Anglong AC) ।

বৃহস্পতিবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ চৌহদত পৰিষদৰ শিক্ষা বিভাগে এক বিশেষ অনুষ্ঠানৰ যোগেদি পাৰ্বত্য জিলা দুখনৰ চাৰিগৰাকীকৈ প্ৰাথমিক শিক্ষা বিষয়াক মুঠ চাৰিখন বলেৰ' বাহন আনুষ্ঠানিকভাৱে বিতৰণ কৰে (Bolerao car to Karbi Anglong Education Officer) ।

বাহনকেইখন আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে । আনহাতে, বাহনসমূহৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানৰ দ্বৈতভাৱে ফ্লেগ-অফ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু পৰিষদৰ ৰিভাগীয় ইএম ৰিচাৰ্ড টকবীয়ে ।

কাৰ্বি আংলঙৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ বাহন

উক্ত অনুষ্ঠান সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Karbi Anglong CEM Tuliram Ronghang) কয় যে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৰ্গম এলেকাসমূহ পৰিদৰ্শন কৰি গুণগত শিক্ষা ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলক বাহনসমূহ প্ৰদান কৰা হৈছে ।

পৰৱৰ্তী সময়ত বিদ্যালয় পৰিদৰ্শকসকলকো বাহন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি তেওঁ লগতে মন্তব্য কৰে । আজিৰ আনুষ্ঠানিক বাহন বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবী, ইএম অমৰছিং তিছ'কে ধৰি আন কেইবাগৰাকীও ইএম, এমএচি, পৰিষদৰ উপাধ্যক্ষ অজিত দে', পৰিষদৰ সচিব আৰু যুটীয়া সচিবসকলো উপস্থিত থাকে ।

উল্লেখ্য, দুৰ্গম পাহাৰীয়া অঞ্চল তথা যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সুচলতাৰ অভাৱত পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত শিক্ষা ব্যৱস্থাই প্ৰয়োজন অনুসাৰে গতি ল'ব পৰা নাই সময়ে সময়ে চৰ্চিত হৈ আহিছে । যাতায়াতৰ অসুবিধাৰ বাবে কেৱল শিক্ষাৰ্থীসকলেই নহয়, শিক্ষক তথা শিক্ষা বিষয়াসকলো অসুবিধাত পৰিবলগা হৈছে ।

আনহাতে, শিক্ষা তথা শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সৃষ্টি হৈ আহিছে । সেয়েহে আজিৰ এই পদক্ষেপে এই ক্ষেত্ৰত কিছু হ'লেও পাহাৰীয়া জিলাখনৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Man Elephant conflict : হাতীৰ আক্ৰমণত শ্ৰমিকৰ মৃত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.