ETV Bharat / state

বোকাজান আৰক্ষীৰ জালত চুৰি বাইকসহ তিনি চোৰ

author img

By

Published : Oct 30, 2020, 9:04 PM IST

bokajan-police-apprehanded-3-thives-with-stolen-motor-cycle
বোকাজান আৰক্ষীৰ বৃহৎ সফলতাঃ উদ্ধাৰ চুৰি বাইক, আটক চোৰ

বোকাজান আৰক্ষী থানাৰ মহিলা উপ-পৰিদৰ্শক থাডৈই সিনহাই ২৮ অক্টোবৰৰ দিনভাগত ৰাষ্ট্ৰীয় ঘাইপথত টহল দি থকা অৱস্থাত বকলীয়াঘাটৰ পৰা চুৰি হোৱা এখন আপাচী মটৰচাইকেলসহ মহম্মদ ইছলামুদ্দিন নামৰ এটা চোৰক আটক কৰিবলৈ সক্ষম হৈছিল।

ডিফু, ৩০ অক্টোবৰ: বোকাজান আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । তিনিটা মটৰচাইকেল চোৰ আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে তিনিখন চুৰি বাইক । বিগত কিছুদিন ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন স্থানত ত্ৰাস চলাই অহাৰ পিছত শুকুৰবাৰে বোকাজান আৰক্ষীয়ে চুৰি চক্ৰটোৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সফলতা ।
বোকাজান আৰক্ষী থানাৰ মহিলা উপ-পৰিদৰ্শক থাডৈই সিন্হাই ২৮ অক্টোবৰৰ দিনভাগত ৰাষ্ট্ৰীয় ঘাইপথত টহল দি থকা অৱস্থাত বকলীয়াঘাটৰ পৰা চুৰি হোৱা এখন আপাচী মটৰচাইকেলসহ মহম্মদ ইছলামুদ্দিন নামৰ এটা চোৰক আটক কৰিবলৈ সক্ষম হৈছিল।

bokajan-police-apprehanded-3-thives-with-stolen-motor-cycle
বোকাজান আৰক্ষীৰ বৃহৎ সফলতাঃ উদ্ধাৰ চুৰি বাইক, আটক চোৰ

আনহাতে চোৰটোৰ আন এটা সহযোগী মটৰচাইকেলসহ পলাই গৈ ডিমাপুৰত প্ৰৱেশ কৰে । আটকাধীন ইছলামুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই বোকাজান আৰু খট্খটি আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই আন দুটা চোৰক আটক কৰাৰ লগতে দুখন মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটক কৰা চোৰ কেইটাৰ নাম মহম্মদ ইছলামুদ্দিন, মহম্মদ চাইদুল ইছলাম আৰু মহম্মদ আমিৰ হুছেইন ।
লগতে পঢ়ক: কোনো কাৰণতে অসমত স্থাপন কৰিবলৈ দিয়া নহয় মিঞা মিউজিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.