মুম্বাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 26, 2022, 9:44 PM IST

Body of Assam youth found in Chhattisgarh

ছত্তিশগড়ৰ ৰে’লপথত উদ্ধাৰ হৈছে মুম্বাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱকৰ মৃতদেহ (body rescued in Chhattisgarh railway track)৷

ডিফু, 26 ছেপ্টেম্বৰ: পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু (Body rescued of Assam youth) ৷ এইবাৰ ছত্তিশগড়ৰ ৰে’লপথত উদ্ধাৰ হৈছে মুম্বাইলৈ কামৰ সন্ধানত যোৱা অসমৰ যুৱকৰ মৃতদেহ (body rescued in Chhattisgarh railway track)৷

ঘটনাৰ বিৱৰণ অনুসৰি ডিফু হৰিলালবস্তি নিবাসী দিগেন্দ্ৰ দাসৰ পুত্ৰ গৌতম দাসে (36) যোৱা 21 ছেপ্টেম্বৰত কামৰ সন্ধানত মুম্বাইলৈ যায় (Allegation of murder of Assam youth) ৷ মুম্বাইত পূৰ্বৰে পৰা কৰ্মৰত গৌতমৰ মাহীয়েকৰ পুত্ৰৰ সৈতে হোৱা যোগাযোগ মৰ্মে মুম্বাইত উপস্থিত হয় গৌতম (Assam youth died) ৷

তাৰ পিছতে গৌতম কোনো অপৰাধী চক্ৰৰ জালত পৰা বুলি ফোনযোগে পৰিয়ালৰ লোকক জানিবলৈ দিছিল ৷ আনকি গৌতমে নিজ পিতৃক ফোনযোগে এবাৰ কৈছিল যে যদি মোৰ কিবা হয় তেন্তে মোৰ মাহীৰ ল’ৰা মিণ্টু আৰু বাপনক নেৰিবি ৷ ইহঁতেই ইয়াৰ জগৰীয়া হ’ব ৷

পৰৱৰ্তী সময়ত গৌতমে কোনোমতে অপৰাধী চক্ৰৰ জালৰ পৰা সাৰি ৰেʼলযোগে পলায়নৰ চেষ্টা কৰা বুলি গৌতমে পৰিয়ালৰ লোকক জানিবলৈ দিছিল ৷ কিন্তু সোমবাৰে পুৱা ছত্তিশগড়ৰ ৰাইপুৰত ৰেʼললাইনৰ দাঁতিত যুৱকজনৰ মৃতদেহ পৰি থকা বুলি ৰাইপুৰৰ ৰেʼল আৰক্ষীয়ে গৌতমৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে (Body of Assam youth found in Chhattisgarh) ৷

এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ গৌতম দাসৰ এনে অস্বাভাৱিক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত পুত্ৰৰ মৃতদেহ আনিবলৈ যাবলৈ সামৰ্থও নাই ৷ উপায়ন্তৰ হৈ গৌতমৰ পিতৃয়ে ৰাজ্য চৰকাৰক পুত্ৰক আনিবলৈ যাবলৈ সহায়ৰ ভিক্ষা খোজে ৷

উল্লেখ্য যে এই ঘটনাৰ লগত গৌতমৰ মাহীয়েকৰ পুত্ৰৰ হাত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ঘৰখনৰ উপাৰ্জনৰ একমাত্ৰ সাৰথি গৌতমৰ এটি ডেৰ বছৰীয়া সন্তান আছিল ৷

ইতিমধ্যে স্থানীয় আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰিছে পৰিয়ালৰ লোকে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ আশ্বাস দিছে পৰিয়ালটোক ৷ দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী অত্থাপন কৰিছে দুৰ্ভগীয়া পৰিালটোৱে ৷

লগতে পঢ়ক: কিন্নৰ পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ পলায়ন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.