গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই ৩.৫ কোটি টকাৰ ড্ৰাগছ আনিলে মণিপুৰৰ সৰবৰাহকাৰীয়ে

author img

By

Published : Sep 20, 2021, 6:19 PM IST

assam-police-seized-drugs-while-being-carried-under-a-car-light

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জিহাদ ঘোষণা কৰাৰ সময়তে নিত্ত নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ এইবাৰ সৰবৰাহকাৰীয়ে গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই অনা অৱস্থাত ৩.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে ৷

ডিফু, ২০ ছেপ্তেম্বৰ : অসমক এখন ড্ৰাগছমুক্ত ৰাজ্য হিচাপে গঢ়াৰ লক্ষ্য লৈ ড্ৰাগছৰ বিৰুদ্ধে জিহাদ্ ঘোষণা কৰা অসম আৰক্ষীৰ হাতলৈ আহিল আন এক সফলতা ৷ দেওবাৰে পুৱাৰ ভাগত কাৰ্বি আংলঙৰ বোকাজানত 3.5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ আৰক্ষীয়ে লাহৰিজানত চলোৱা তালাচী অভিযানত 412 গ্ৰাম হেৰ'ইন জব্দ কৰে ।

জানিব পৰা মতে, জব্দ কৰা ড্ৰাগছখিনি ৩০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা হৈছিল । মণিপুৰৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাতে এখন বলেৰ'ৰ পৰা জব্দ কৰা হয় এই ড্ৰাগছখিনি । জব্দ কৰা বলেৰ' খনৰ নম্বৰ হৈছে MN 01 AK 4789 ৷ মন কৰিব লগীয়া বিষয় যে, সৰবৰাহকাৰীয়ে অতি কৌশলেৰে গাড়ীৰ লাইটৰ ভিতৰত ভৰাই আনিছিল এই ড্ৰাগছখিনি । অৱশ্যে, আৰক্ষীৰ হাতত বিফল হৈছিল এই কৌশল ৷

গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই ৩.৫ কোটি টকাৰ ড্ৰাগছ আনিলে মণিপুৰী সৰবৰাহকাৰীয়ে

এই সন্দৰ্ভত আৰক্ষীয়ে আমজাদ আলি আৰু চায়ড আনিচ খান নামৰ লোক দুজনক আটক কৰিছে । দুয়োজন সৰবৰাহকাৰী লোকৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ইফালে, জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় চাৰে তিনিকোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : শিৱসাগৰত PubG খেলি হেৰুৱালে 19 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.