Liquor seized : বোকাজানত আটক সুৰাসহ তিনি যুৱক

author img

By

Published : Nov 25, 2021, 8:14 PM IST

police arrested three people

সুৰাৰ অবৈধ সৰবৰাহ কৰি ৰঙা ঘৰৰ আলহী হ’ল তিনি যুৱক ( youth arrested for liquor supply) ৷

ডিফু, 25 নৱেম্বৰ : অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডক সুৰামুক্ত কৰাৰ লক্ষ্যৰে (liquor free nagaland) সাজু হৈছে নাগালেণ্ডৰ চৰকাৰ ৷ ইতিমধ্যেই সুৰা নিষিদ্ধ বুলি ঘোষণা কৰিছে নাগালেণ্ডৰ প্ৰশাসনে (liquor banned in nagaland) ৷

এই ঘোষণাৰ পিছতেই একাংশ দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে (boot leger in assam) অবৈধ সৰবৰাহৰ ক্ষেত্ৰত ৷ অসমৰ পৰা সুৰা বিভিন্ন কৌশলেৰে নাগালেণ্ডলৈ সৰবৰাহ (illegal transportation of liquor assam nagaland) কৰি আছে এই দুষ্ট চক্ৰবোৰে ৷

police arrested three people
বোকাজানত আটক সুৰাসহ তিনি যুৱক

এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে পুৱাৰ ভাগত অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰাসহ তিনি যুৱকক আটক কৰে (police arrested three people near assam nagaland border) ৷ ধৃত যুৱক কেইজন ক্ৰমে ডিমাপুৰৰ শ্বাহিদ খান(20), ৰাহুল দাস(18) আৰু ক্লেভিছ গুৰু(44) ৷ AS 01 AM 4419 আৰু AS 01 MA 5195 নম্বৰৰ দুখন মাৰুতী এল্ট’ গাড়ীসহ 8 কাৰ্টুন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় যুটীয়া দলটোৱে ৷

লগতে চাওক : Police firing : তিনিচুকীয়াত ড্ৰাগছ সৰবাৰকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.