কাৰাগাৰৰ পৰা পলাতক সন্তোষ সিঙক পুনৰ গ্ৰেপ্তাৰ ডিফু আৰক্ষীৰ

author img

By

Published : Sep 10, 2021, 10:42 PM IST

absconder Santosh Singh arrested by diphu police

পলাতক সন্তোষ সিঙক শুকুৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ সন্তোষ সিঙক ৷

ডিফু, ১০ ছেপ্টেম্বৰ : এন ডি এছৰ গোচৰত অভিযুক্ত তথা পলাতক হৈ থকা সন্তোষ সিঙক শুকুৰবাৰে পুনৰ ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে সন্তোষ সিঙক ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, গোপন সূত্ৰৰ ভিত্তিত ডিফুৰ মাটিপুঙ তিনিআলিত আৰক্ষীয়ে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰা হয় পলাতক সন্তোষ সিঙক ৷ উল্লেখ্য যে, যোৱা ১৩ জুনত ডিফুৰ মাটিপুঙৰ ভাড়াঘৰত নিচাযুক্ত কেপচুল ছিমপেক্স মজুত ৰখাৰ অপৰাধত সন্তোষ সিঙক গ্ৰেপ্তাৰ কৰিছিল ডিফু আৰক্ষীয়ে ৷

লগতে পঢ়ক: ভায়েকে মৰিয়াই হত্যা কৰিলে ককায়েকক

ইয়াৰ পাচতে ডিফু থানাত ১৪২/২০২১ নম্বৰত এনডিপিএছ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে সন্তোষ সিঙক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত চিকিৎসাজনিত কাৰণত সন্তোষ সিঙক ডিফু ক'ভিড হাস্পতালত ভৰ্তি কৰা হৈছে ৷

চিকিৎসাধীন অৱস্থাতে যোৱা ২৪ জুনত ডিফু ক'ভিড হাস্পাতালৰ পৰা পলায়ন কৰিছিল সন্তোষ সিঙে ৷ তেতিয়াৰ পৰাই সন্তোষ সিঙৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল ডিফু আৰক্ষীয়ে ৷ পলায়ন কৰাৰ বাবে ধৃত সন্তোষৰ বিৰুদ্ধে পুনৰ ডিফু থানাত ৬৬৬/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কৰিমগঞ্জত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.