অস্ত্ৰসহ বোকাজান আৰক্ষীৰ জালত মহিলা

author img

By

Published : Nov 29, 2021, 6:49 PM IST

Updated : Nov 29, 2021, 8:33 PM IST

WOMAN APPREHENDED WITH ARMS

বোকাজানত অস্ত্ৰসহ মহিলা আটক ৷ আটকাধীন মহিলাগৰাকীৰ পৰা পিষ্টলসহ তিনিজাঁই সক্ৰিয় গুলি আৰু এটা মেগজিন(Woman arrested with arms) জব্দ কৰে ৷

ডিফু, ২৯ নৱেম্বৰ : বোকাজান মহকুমা আৰক্ষীয়ে দেওবাৰে অবৈধ অস্ত্ৰসহ এগৰাকী মহিলা আটক কৰে ৷ বোকাজান আৰক্ষীয়ে দেওবাৰে নিশা খটখটী আৰক্ষী থানাৰ অন্তৰ্গত টিলাবস্তিত অভিযান চলায় (Bokajan police search operation) ৷ অভিযানকাৰী দলটোৱে গোপন খবৰৰ ভিত্তিত শিখা দেৱনাথ নামৰ এজনী মহিলাৰ ঘৰত অভিযানত চলাই এটা .32mm পিষ্টলসহ তিনিজাই সক্ৰিয় গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ৷

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ৰুদ্ৰ পাল, খটখটী থানাৰ আৰক্ষী বিষয়া, এ পি আৰ জি ষ্টাফ আৰু চি আৰ পি এফ জোৱানে চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে অবাধ অস্ত্ৰখিনি জব্দ কৰাৰ লগতে মহিলাগৰাকীক আটক কৰে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলাগৰাকী ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত(Drugs peddler women in Bokajan) ।

আটকাধীন মহিলাগৰাকীয়ে পিষ্টলটো কিয় আনি ঘৰত ৰাখিছিল সেই সন্দৰ্ভত খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে তিনি পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওৰ প্ৰায় আটাইকেইটা উগ্ৰপন্থী সংগঠনে শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে মূলসূঁতিলৈ ঘূৰি অহাৰ সময়তে বোকাজান মহকুমাত অবৈধ অস্ত্ৰসহ এগৰাকী মহিলা আটক হোৱা ঘটনাই পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Drugs smuggling in Karbi Anglong) ৷

লগতে পঢ়ক : Liquor seized : বোকাজানত আটক সুৰাসহ তিনি যুৱক

Last Updated :Nov 29, 2021, 8:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.