ETV Bharat / state

ট্ৰাকৰ ভিতৰতে নৃশংস ভাৱে হত্যা চালকক

author img

By

Published : Jun 30, 2020, 9:55 PM IST

a truk driver muder at bukajan  krishna chuhan chatri  patner  maghraj  chatri
ট্ৰাকৰ ভিতৰতে নৃশংস হত্যা ড্ৰাইভাৰক

ঘটনাৰ সংঘটিত কৰা হেণ্ডিমেন মেঘৰাজক আটক কৰিছে বোকাজান আৰক্ষীয়ে ৷ পৰিয়ালৰ লোকে ঘটনাৰ সৰ্ন্দভত বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

ডিফু,৩০জুনঃ কাৰ্বি আংলং জিলাৰ বোকাজানৰ ফুলবাৰীস্থিত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ৱেট ব্ৰীজত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । প্ৰাপ্ত খবৰ অনুসৰি NL 01N 1323 নম্বৰৰ ৰখাই থোৱা ট্ৰাকখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মাজত বাদ বিবাদৰ ফলতে সংঘটিত হয় ঘটনাটো । ঘটনা অনুসৰি সোমবাৰে নিশা ট্ৰাকখনৰ ড্ৰাইভাৰ কৃষ্ণ চৌহান চেত্ৰী, হেণ্ডিমেন মেঘৰাজ চেত্ৰী আৰু অমল চেত্ৰী নামৰ স্থানীয় তিনিজন লোকে সুৰাপান কৰি আছিল । তাৰ পিচতে অমল চেত্ৰীয়ে ঘটনা স্থলীৰপৰা ঘৰলৈ গুচি আহে ৷ সুযোগ বুজি হেণ্ডিমেন মেঘৰাজে চেত্ৰীয়ে ড্ৰাইভাৰ কৃষ্ণ চৌহান চেত্ৰীক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ট্ৰাকচালক সকলে।

ট্ৰাকৰ ভিতৰতে নৃশংস হত্যা ড্ৰাইভাৰক

ইতিমধ্যে বোকাজান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ সন্দৰ্ভত হেণ্ডিমেন মেঘৰাজক আটক কৰিছে বোকাজান আৰক্ষীয়ে । উল্লেখযোগ্য যে, ড্ৰাইভাৰ কৃষ্ণ চৌহান চেত্ৰীৰ ঘৰ গোলাঘাট জিলাৰ বৰপথাৰৰ হাতীঘুলি গাঁৱত । অন্যহাতে হত্যাকাৰী মেঘৰাজ চেত্ৰীৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে । ইতিমধ্যে কৃষ্ণ চৌহান চেত্ৰীৰ পৰিয়ালৰ লোকে ঘটনাৰ সৰ্ন্দভত বোকাজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।


লগতে পঢ়কঃ টিকটকক ফেৰ মাৰিবলৈ সাজু ভাৰতীয় এপ চিংগাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.