ETV Bharat / state

Drugs seized at Karbi Anglong: খটখটীত 25 কোটি টকা মূল্যৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰী আটক

author img

By

Published : Mar 12, 2023, 10:09 PM IST

বোকাজানৰ খটখটীত অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ খটখটী আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ তালাচীত প্ৰায় 25 কোটি টকা মূল্যৰ হেৰ'ইনসহ এটা সৰবৰাহকাৰীক আটক কৰে খটখটী আৰক্ষীয়ে (25 crores worth drugs seized)৷

25 crores worth drugs seized at Khotkhoti
খটখটীত 25 কোটি টকা মূল্যৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰী আটক

খটখটীত 25 কোটি টকা মূল্যৰ হেৰ’ইনসহ এটা সৰবৰাহকাৰী আটক

ডিফু, 12 মাৰ্চ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ অভিযান চলাই আহিছে ৷ ইয়াৰ মাজতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনেই আৰক্ষীৰ চকুৰ ধূলি দি ন ন কৌশল অৱলম্বন কৰি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ সৰবৰাহকাৰীয়ে (25 crores worth drugs seized) ৷

শনিবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটীত অসম আৰক্ষীৰ বৃহৎ সফলতা ৷ খটখটী আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ তালাচীত প্ৰায় 25 কোটি টকা মূল্যৰ হেৰ'ইনসহ এটা সৰবৰাহকাৰীক আটক কৰে খটখটী আৰক্ষীয়ে ৷

উল্লেখ্য যে বিগত কেইবাদিন ধৰি অসম-নাগালেণ্ড সীমান্তঞ্চলত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছিল ৷ শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখটী থানাৰ অ'চি ৰমেন বৰদলৈ, থানা ষ্টাফ লগতে বোকাজানৰ C 20 চি আৰ পি এফৰ সহযোগত এটা অভিযানকাৰী দলে খটখটী এছ বি আই বেংকৰ সন্মুখত নাকা তালাচী বহায় ৷

উক্ত সময়তে ডিমাপুৰৰ পৰা আহি থকা বগা ৰঙৰ AS 09 J 4746 পঞ্জীয়ন নম্বৰৰ এখন বলেৰ’ বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে ৷ এই অভিযানত আৰক্ষীয়ে বাহনখনৰ পৰা 390 টা চাবোনৰ বাকচত প্ৰায় 5 কেজি হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত বলেৰ’ বাহনখনৰ মুধচত কৌশলগতভাৱে গোপন চেম্বাৰ নিৰ্মাণ কৰি হেৰ’ইনখিনি লুকুৱাই অনা হৈছিল ৷ তালাচীৰ সময়ত বাহনখনৰ পৰা অভিযানকাৰী দলটোৱে 390 টা চাবোনৰ বাকচত প্ৰায় 5 কেজি ওজনৰ সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে কয় যে উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি টকা ৷ সন্দেহযুক্ত হেৰ’ইনখিনিৰ সৈতে অভিযানকাৰী দলটোৱে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সৰবৰাহকাৰীটো হোজাই জিলাৰ ফিজুল আহমেদ (41) বুলি চিনাক্ত কৰা হৈছে (One Smuggler arrested) ৷ অধিক তথ্যৰ বাবে ধৃত ফিজুল আহমেদক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানি পৰা গৈছে ৷

লগতে পঢ়ক: Illegal Timber seized at Kaliabor:কলিয়াবৰত চোৰাং কাঠসহ বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.