গৃহ সমষ্টিতে ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

author img

By

Published : Sep 18, 2022, 4:40 PM IST

গৃহ সমষ্টিতে ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ

ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল হ’ল ৰঙিয়া ৷ প্ৰতিবাদকাৰীৰে হোৱা আৰক্ষীৰ হতা-হতিত আহত হ’ল অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত (Youth congress president Ankita Dutta)৷

ৰঙিয়া, 18 ছেপ্টেম্বৰ: গৃহ সমষ্টিবাসীয়েই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ৷ ভৱেশ কলিতাক গ্ৰেপ্তাৰ কৰাৰ দাবীত দেওবাৰে উত্তাল হৈ পৰিল ৰঙিয়া । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ(Youth congress president Ankita Dutta) নেতৃত্বত ৰঙিয়া নগৰত বাহিৰ কৰা হ’ল প্ৰতিবাদী সমদল (Youth congress protest at Rangia)।

প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ হতাহতি হোৱাও দেখিবলৈ পোৱা গ’ল । হতাহতিত আহত হয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত (Ankita Dutta injured) । আৰক্ষীৰ বাধাকো নেওচি ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে সমদল বাহিৰ কৰে । প্ৰতিবাদকাৰীসকলে ৰঙিয়া থানাৰ সন্মুখেৰে ভৱেশ কলিতা মুৰ্দাবাদ, ভৱেশ কলিতাক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে ৰঙিয়াৰ আকাশ-বতাহ কঁপাই তোলে ।

গৃহ সমষ্টিতে ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ ধ্বনিৰে উত্তাল প্ৰতিবাদ

জলসিঞ্চন বিভাগৰ নিযুক্তিত অনিয়ম সংঘটিত কৰা অভিযোগত ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ধনৰ লেন-দেনৰ জৰিয়তে নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ৷

আৰক্ষীৰ বেৰিকেড ওফৰাই প্ৰায় 1 কিলোমিটাৰ দৈঘ্যৰ প্ৰতিবাদী সমদল বাহিৰ কৰে যুৱ কংগ্ৰেছে । অৱশ্যে বহু সময়ৰ অন্তত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । ইফালে আৰক্ষীৰ টনা-আজোৰাত আহত হয় অংকিতা দত্ত । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে প্ৰতিবাদকাৰীসকলক ।

উল্লেখ্য যে, প্ৰাক্তন জলসিঞ্চন মন্ত্ৰী তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(BJP President Bhabesh Kalita) বিৰুদ্ধে জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ ৰঙিয়াৰ ৯ নং ৱাৰ্ডৰ নিবাসী জয়া কলিতাই এটা ফেচবুক পোষ্টৰ জৰিয়তে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চাকৰিৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত কৰিছিল (Allegation against BJP state president) ৷

লগতে পঢক: ভিক্টৰৰ ওপৰত লগোৱা গোচৰৰ উত্তৰ বিচাৰি মহানগৰ আৰক্ষীলৈ পত্ৰ সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.