ETV Bharat / state

বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

author img

By

Published : Oct 21, 2021, 10:24 PM IST

Yadav Sharma reacts on Assamese language insult in Barak
বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

বৰাক উপত্যকাত শেহতীয়াকৈ অসমীয়া ভাষাৰ বেনাৰত কলা ৰং সনা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কলা ৰং সনা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে যাদৱ শৰ্মাই ৷

ৰঙিয়া, 21 অক্টোবৰ : বৰাক উপত্যকাত শেহতীয়াকৈ অসমীয়া ভাষাৰ বেনাৰত কলা ৰং সনা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সম্পাদক যাদৱ শৰ্মাই । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কলা ৰং সনা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে যাদৱ শৰ্মাই ৷

অসমীয়া ভাষা অসমৰ চৰকাৰী ভাষা । এই ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰ দায়বদ্ধ । আনহাতে অসম সাহিত্য সভা জাতীয় এটা অনুষ্ঠান । ই কেৱল অসমীয়া ভাষাৰে নহয়, প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত দায়বদ্ধ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে শৰ্মাই ৷

বৰাকত অসমীয়া ভাষাক অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

শেহতীয়াকৈ যি কেইটা সংগঠনে এনে গৰ্হিত কাম কৰিছে, অনাগত দিনত তেওঁলোকক এনে কাৰ্যৰ পৰা আঁতৰি থকাৰ বাবে সকীয়াই দিয়ে শৰ্মাই । ইফালে এই ক্ষেত্ৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সম্পাদক গৰাকীয়ে কয়, ৰাজ্য ভাষাক যদিহে দুষ্কৃতিকাৰীয়ে অপমান কৰি থাকে, তেন্তে তদাৰক সমিতি গঠন কৰি সিদ্ধান্ত লোৱা হ'ব ।

এই সন্দৰ্ভত কোনো ধৰণৰ ধৰ্ণাৰ কাৰ্যসূচী গ্ৰহণৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ জৰিয়তে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব বুলি উল্লেখ কৰে যাদৱ শৰ্মাই । ইতিমধ্যে বৰাকৰ একাংশ অসমীয়া ভাষা বিদ্বেষী লোকে অসম সাহিত্য সভাৰ মাজত বিভাজন অনাৰ চেষ্টা কৰি আছে বুলি যাদৱ শৰ্মাই অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: হাগ্ৰামা মহিলাৰীক আদৰণি জনাই ফনিধৰৰ হৈ প্ৰচাৰ চলালে দিলীপ শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.