ETV Bharat / state

অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই

author img

By

Published : Jan 27, 2021, 4:05 PM IST

ULFA releases press release on oil officer kidnap
অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)এ

17 ফেব্ৰুৱাৰীৰ পিছত Quippo Oil and Gas infrastructure Limitedক অসম তথা সমগ্ৰ পশ্চিম-দক্ষিণ-পূৱ এচিয়াতে নিসিদ্ধ ঘোষণা কৰা হ’ব বুলি ঘোষণা আলফা(স্বা)ৰ ৷

নিউজ ডেস্ক,27 জানুৱাৰী: আগন্তুক 16 ফেব্ৰুৱাৰীৰ ভিতৰত অপহৃত দুই বিষয়াৰ মুক্তিৰ ক্ষেত্ৰত কুইপ’ তৈল প্ৰতিষ্ঠানে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে অহা 17 ফেব্ৰুৱাৰীত অপহৃত বিষয়া ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আলফা(স্বা)য়ে ৷ বুধবাৰে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আলফা(স্বা)য়ে ৷ আনহাতে, এই সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহয় বুলি উক্ত বিবৃতিখনত উল্লেখ কৰিছে আলফা(স্বা)য়ে ৷

ULFA releases press release on oil officer kidnap
আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

ইয়াৰ উপৰিও 17 ফেব্ৰুৱাৰীৰ পিছত Quippo Oil and Gas infrastructure Limited-ক অসম তথা সমগ্ৰ পশ্চিম-দক্ষিণ-পূৱ এচিয়াতে নিসিদ্ধ ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰিছে আলফা(স্বা)য়ে ৷ গতিকে এই প্ৰতিষ্ঠানৰে জড়িত থলুৱা ব্যক্তিবিশেষ তথা প্ৰতিষ্ঠানসমূহক ইয়াৰ বিকল্পৰ সন্ধান কৰিবলৈও আহ্বান জনাইছে আলফা(স্বা)য়ে ৷ সমান্তৰালকৈ, অনাগত দিনতো ব্যক্তিগত তৈল কোম্পানীসমূহৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিবৃতিত উল্লেখ কৰিছে আলফাই ৷

উল্লেখ্য যে, বিগত 21 ডিচেম্বৰৰ সন্ধিয়া ডিয়ুন আৰক্ষী থানাৰ অধীনত ইন্নাও অঞ্চলৰ খুমচৈখাত কৰ্মত নিয়োজিত থকাৰ সময়তে ব্যক্তি দুগৰাকীক অপহৰণ কৰা হৈছিল ৷ প্ৰণৱ কুমাৰ গগৈয়ে ড্ৰিলিং চুপাৰিনটেনডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পৰিৱৰ্তে ৰাম কুমাৰে এগৰাকী ৰেডিঅ' অপাৰেটৰ হিচাপে M/S Quippo Oil and Gas infrastructure Limited নামৰ এটা ব্যক্তিগত তেল কোম্পানীত কৰ্মৰত হৈ আছিল ৷ বিগত 20 জানুৱাৰীত আলফা শিবিৰৰ পৰাই দুয়ো গৰাকী বিষয়াই তেওঁলোকৰ মুক্তিৰ বাবে অসম চৰকাৰক অনুৰোধ জনাই এটি ভিডিঅ’ও প্ৰেৰণ কৰিছিল ৷ কিন্তু ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৱে দুয়োগৰাকী বিষয়াৰ মুক্তিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই বিবৃতি প্ৰেৰণ কৰিছে নিসিদ্ধ সংগঠনটোৱে ৷

লগতে পঢ়ক-অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.