বিদ্যুতৰ বিল কমকৈ আহিলে ভৱেশ কলিতায়ো ভালপায়

author img

By

Published : Sep 18, 2022, 9:07 PM IST

বিদ্যুতৰ বিল কমকৈ আহিলে ভৱেশ কলিতায়ো ভালপায়

ৰাজ্যিক বিজেপিৰ সভাপতিৰ ঘৰতো বিদ্যুৎ সংযোগ আছে ৷ তেখেতৰ ঘৰতো বাল্ব জ্বলে ৷ সেয়েহে বিল কমকৈ আহিলে ভালপায় ভৱেশ কলিতাই (State BJP president Bhabesh Kalita)৷

ৰঙিয়া, 18 ছেপ্টেম্বৰ: হঠাতে অভাৱনীয় হাৰত বৃদ্ধি পোৱা বিদ্যুতৰ বিলক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ গ্ৰাহকক নজনোৱাকৈয়ে অসম শক্তি বিতৰণ কেন্দ্ৰই প্ৰতি ইউনিটত বঢ়ালে 30 পইচাকৈ (APDCL increased unit rate) ৷ হঠাতে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰ কেইবাজনো মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অৱশ্যে বিদ্যুতৰ মাচুল কিয় বৃদ্ধি হ’ল তাৰ উত্তৰ এজনৰ লগতো এজনৰ মিল নাই ৷

মুখ্যমন্ত্ৰীয়ে দৰ্শোৱা কাৰণ অনুসৰি নতুন স্মাৰ্ট মিটাৰৰ কিছু বিসংগতিৰ(Faulty of smart meters) বাবে বৃদ্ধি হৈছে বিদ্যুতৰ মাচুল ৷ বিদ্যুতৰ বিল বঢ়াক লৈ শাসকীয় পক্ষৰ ভিন্নজনে ভিন্ন মন্তব্য প্ৰদান কৰাৰ সময়তে বিজেপিৰ ৰাজ্যক সভাপতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ডিজিটিল মিটাৰত অলপ খেলিমেলি থকা বুলিয়েই মন্তব্য কৰে ৷ ইয়াৰ পৰা আকৌ আমি সু-বিচাৰ পাম বুলি কয় ভৱেশ কলিতাই(State BJP president Bhabesh Kalita)। বিদ্যুতৰ বিল কমিলে ময়ো ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়েও ভালপায় বুলি জানিবলৈ দিলে সংবাদ মাধ্যমক ৷

বিদ্যুতৰ বিল কমকৈ আহিলে ভৱেশ কলিতায়ো ভালপায়

ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ(Lok Sabha election 2024)বাবে বিজেপিয়ে টঙালি বান্ধিছে বুলি মত ব্যক্ত কৰে ভৱেশ কলিতাই । আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব বুলি ভৱিষ্যত বাণী দিলে ভৱেশ কলিতাই । অসম গণ পৰিষদ, ইউ পি পি এল আৰু বি পি এফ দলৰ লগতে বিজেপিৰ বুজাবুজি থকা বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ চাৰিটা দল মিলি চৰকাৰ চলাই থকা বুলি ক’লে ৰঙিয়াৰ বিধায়ক কলিতাই ।

আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ পৰা ভৱেশ কলিতাক আঁতৰোৱাৰ ব্লু প্ৰীণ্ট ৰচনা হোৱাৰ ক্ষেত্ৰতো মন্তব্য আগবঢ়ায় ৷ তেওঁ কয়, ‘‘মোৰ যি আছে, থাকিবই ৷ ভৱেশ কলিতা ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা ৷ দলে মোক যি দ্বায়িত্বই নিদিয়ক, দলৰ এজন কাৰ্যকৰ্তা মই’’ ৷

লগতে পঢ়ক: গৃহ সমষ্টিতে ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.