ETV Bharat / state

ছয়গাঁৱত 9 খনকৈ চুৰি হোৱা চ’লাৰ প্লেট উদ্ধাৰ

author img

By

Published : Jun 3, 2021, 5:05 PM IST

solar plate recovered in chhaygaon
ছয়গাঁৱত চুৰি হোৱা চ’লাৰ প্লেট উদ্ধাৰ

বুধবাৰে নিশা অভিযান চলাই চুৰি হোৱা 9 খন চ’লাৰ প্লেট উদ্ধাৰ আৰক্ষীৰ ৷ বিগত 22 এপ্ৰিলত চন্দ্ৰপুৰৰ এগৰাকী কৃষকৰ ঘৰৰ পৰা চুৰি হৈছিল চ’লাৰ প্লেট কেইখন ৷

ছয়গাঁও,3 জুন : ছয়গাঁৱত খেতিপথাৰৰ পৰা চুৰি হোৱা 9 খনকৈ চ’লাৰ প্লেট উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বুধবাৰে নিশা অভিযান চলাই ছয়গাঁৱৰ জামুগুৰিৰ পথাৰত থকা এটা খালৰ পৰা চ’লাৰ প্লেট কেইখন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বিগত 22 এপ্ৰিলত এই চ’লাৰ প্লেট কেইখন চুৰি হোৱা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয়ী যোজনা (PMKSY) আঁচনিৰ অধীনত ছয়গাঁৱৰ দুৰামাৰীৰ চন্দ্ৰপুৰৰ এগৰাকী কৃষকে খেতিপথাৰত পানী যোগান ধৰাৰ বাবে এই চ’লাৰ চিষ্টেম আঁচনিটো লাভ কৰিছিল ৷ কিন্তু কোনো দুৰ্বৃত্তই এই আধুনিক পানী যোগান আঁচনিখনত ব্যৱহৃত 9 খনকৈ বৃহৎ চ’লাৰ প্লেট চুৰি কৰি লৈ যায় ৷ তাৰ পাচতেই খেতিয়কজনে ছয়গাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ছয়গাঁও থানাত পঞ্জীয়ন হোৱা 894/2021 নম্বৰৰ গোচৰৰ তদন্ত চলাই বুধবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে চ’লাৰ প্লেট কেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক : কন্টেইনমেণ্ট জ'নত থকা দৰিদ্ৰ পৰিয়ালক সহায় লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.