ETV Bharat / state

হিন্দুসকলে নিজৰ সন্তানক হত্যা কৰক নতুবা ইছলাম ধৰ্ম গ্ৰহণ কৰক: সত্যৰঞ্জন বৰা

author img

By

Published : Oct 30, 2020, 1:56 PM IST

হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিস্ফোৰক মন্তব্য "হিন্দু ধৰ্মালম্বী লোক সকলে নিজৰ সন্তানক ডাঙৰ কৰাতকৈ বিষ খুৱাই হত্যা কৰক নতুবা ইছলাম ধৰ্ম গ্ৰহণ কৰক ৷" আজি ঐতিহাসিক পিংগলেশ্বৰ মন্দিৰৰ লগতে গোপেশ্বৰ মন্দিৰ,মদন কামদেৱ দেৱালয়,বৰবকুলতল মন্দিৰো পৰিদৰ্শন কৰে সত্যৰঞ্জন বৰাই ৷

Satya Ranjan Borah at Baihata
হিন্দু সকলে নিজৰ সন্তানক হত্যা কৰক নতুবা ইছলাম ধৰ্ম গ্ৰহণ কৰক: সত্যৰঞ্জন বৰা

বাইহাটা,30 অক্টোবৰ: বাইহাটা চাৰিআলিৰ পিংগেলশ্বৰ দেৱালয়ত হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাৰ বিস্ফোৰক মন্তব্য । শ্বেৰমান আলীৰ মিয়া মিউজিয়াম প্ৰসংগত কয় যে, "হিন্দু ধৰ্মালম্বী লোকসকলে নিজৰ সন্তানক ডাঙৰ কৰাতকৈ বিষ খুৱাই হত্যা কৰক নতুবা ইছলাম ধৰ্ম গ্ৰহণ কৰক । কিয়নো কিছুবছৰ পিছত এনেও ছোৱালীবোৰ লাভ জেহাদৰ বলি হ'ব আৰু ল'ৰাবোৰক কাটি পেলোৱা হ'ব ।"

হিন্দু সকলে নিজৰ সন্তানক হত্যা কৰক নতুবা ইছলাম ধৰ্ম গ্ৰহণ কৰক: সত্যৰঞ্জন বৰা

ইয়াৰ পিছতো যদি কোনোবা বাচি থাকে তেন্তে মূৰত টুপী আৰু তলত লুঙী পিন্ধি শৰীৰৰ অংগ কাটি মুছলমান ধৰ্ম গ্ৰহণ কৰি চলি থাকিব লাগিব বুলি উল্লেখ কৰে হিন্দুত্ববাদী নেতা জনে ৷ আজি দিনৰ ভাগত ঐতিহাসিক পিংগলেশ্বৰ মন্দিৰৰ লগতে গোপেশ্বৰ মন্দিৰ,মদন কামদেৱ দেৱালয়,বৰবকুলতল মন্দিৰ পৰিদৰ্শন কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: কৰ’ণা ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰায়ণপুৰত ভাওনাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.