ETV Bharat / state

বানে ধোৱা ৰঙিয়াৰ হাচানটুকত পথৰ বিধ্বস্ত ৰূপ

author img

By

Published : Jul 8, 2022, 10:36 AM IST

বানৰ পাছত ৰঙিয়াৰ হাচানটুকত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা (Road conditions in Rangia after flood)। ৰঙিয়া-গোৰেশ্বৰ পথৰ হাচানটুক পথটো বানত ঠায়ে ঠায়ে ১০ ফুটৰ পৰা ৪০ ফুট পৰ্যন্ত ছিগি গৈছে । শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ।

Road
বানে ধোৱা ৰঙিয়াৰ হাচানটুকত পথৰ বিধ্বস্ত ৰূপ

ৰঙিয়া,৮ জুলাই : শেহতীয়াকৈ বানপানীৰ ফলত অসমৰ কেইবাখনো জিলাৰ ৰাইজ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে (Flood affects Assam)। বহু স্থানত বানে কালৰূপ ধাৰণ কৰিছিল । বানৰ কৱলত পৰি বহু স্থানৰ বাট-পথ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ।

বানৰ বিভীষিকা সম্প্ৰতি নাই যদিও এতিয়া ৰাইজৰ সন্মুখত আন এক সমস্যাৰ সৃষ্টি হৈছে । বিশেষকৈ যাতায়তৰ সমস্যা । বহু গুৰুত্বপূৰ্ণ পথৰ অংশ বানত ধ্বংস হৈ যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভূগিছে সাধাৰণ ৰাইজে ।

বানে ধোৱা ৰঙিয়াৰ হাচানটুকত পথৰ বিধ্বস্ত ৰূপ

তেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ সাধাৰণ জনতা । বানৰ পাছত ৰঙিয়াৰ হাচানটুকত বিধ্বস্ত হৈছে যাতায়ত ব্যৱস্থা (Road conditions in Rangia after flood)। ৰঙিয়া-গোৰেশ্বৰ পথৰ হাচানটুক পথটো বানত ঠায়ে ঠায়ে ১০ ফুটৰ পৰা ৪০ ফুট পৰ্যন্ত ছিগি গৈছে । গুৰুত্বপূৰ্ণ পথটোৰ কেইবা ঠাইতো পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।

পথৰ দুৰৱস্থাই এতিয়া জলা-কলা খুৱাইছে সৰ্ব সাধাৰণ ৰাইজক । দৈনিক কুৰি খনতকৈও অধিক গাঁৱৰ ৰাইজে যাতায়ত কৰে এই পথেটোৰে । কিন্তু সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে এই গুৰুত্বপূৰ্ণ পথটো । আন বিকল্প নথকাত এই পথেৰেই বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰাখিবলৈ বাধ্য হৈছে ৰাইজ ।

জানিব পৰা মতে পথটোত ইতিমধ্যে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । অঞ্চলটোৰ একমাত্ৰ পথটো এনেদৰে ঠায়ে ঠায়ে ছিগি যোৱাত যোগাযোগ ব্যৱস্থা এক প্ৰকাৰ ব্যাহত হৈ পৰিছে । আনকি জৰুৰীকালীন সময়ত কোনো বাহনো যাব নোৱাৰে এই পথেৰে ।

ৰোগীক চিকিৎসালয়লৈ নিয়াৰো ব্যৱস্থা নাই । কান্ধত ভাৰ বান্ধি চিকিৎসালয়লৈ নিব লগা হৈছে ৰোগীসকলক । সেয়ে অঞ্চলটোৰ ৰাইজে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :লেপেটকটাত পৰম্পৰাগত পানীতোলা সবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.