ETV Bharat / state

মাটি বন্ধকত থৈ হ’লেও নিৰ্বাচন জিকাৰ পণ...

author img

By

Published : Mar 21, 2021, 3:39 PM IST

শাসকীয় দল বিজেপিক প্ৰতিহত কৰিবলৈ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত সাজু হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন ৷ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী গৰাকীয়ে সাজু হৈছে বিজেপিক হৰুৱাবলৈ ৷ মাটি বন্ধকত থৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী গৰাকীয়ে প্ৰয়োজনত খেতিৰ মাটি বিক্ৰী কৰিবলৈও সাজু আছে বুলি উল্লেখ কৰে ৷

মাটি বন্ধকত থৈ বিজেপিক হৰুৱাবলৈ সাজু ৰঙিয়াৰ হৰেশ্বৰ বৰ্মণ
মাটি বন্ধকত থৈ বিজেপিক হৰুৱাবলৈ সাজু ৰঙিয়াৰ হৰেশ্বৰ বৰ্মণ

ৰঙিয়া,21 মাৰ্চ: সমগ্ৰ ৰাজ্যতে বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিটো প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে প্ৰচাৰ ৷ ইফালে শাসকীয় দল বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ প্ৰাৰ্থীৰ লগতে নতুনকৈ গঠন হোৱা ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন ৷ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী গৰাকী সাজু হৈছে বিজেপিক হৰুৱাবলৈ ৷

মাটি বন্ধকত থৈ বিজেপিক হৰুৱাবলৈ সাজু ৰঙিয়াৰ হৰেশ্বৰ বৰ্মন

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে বিজেপি দল আৰু ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাক সমালোচনাও কৰি গৈছে ৷ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে প্ৰভাৱশালী মন্ত্ৰী ভৱেশ কলিতাই বৃহৎ পৰিমাণৰ ধনৰাশি খৰছ কৰা বুলি উল্লেখ কৰি প্ৰাৰ্থী গৰাকীয়ে কয়, মাটি বন্ধকত থৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছো ৷ গতিকে বিজেপি আৰু ৰঙিয়াৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক যিকোনো প্ৰকাৰে প্ৰতিহত কৰি নিৰ্বাচনত জয়ী হোৱাৰ খেতিৰ মাটি বিক্ৰী কৰিবলৈয়ো প্ৰস্তুত আছো ৷

আনহাতে, ৰাইজৰ নঙলাত ৰাইজৰ দল শ্ল'গানেৰে খোজকাঢ়ি প্ৰাৰ্থী গৰাকীয়ে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ আগন্তুক নিৰ্বাচনত সমষ্টিটোত ৰাইজৰ দলেই শেষ হাঁহি মাৰিব বুলি উল্লেখ কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷

লগতে পঢ়ক: কলিয়াবৰত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়া:দলত পদত্যাগৰ জোৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.